ETV Bharat / sitara

বচ্চন পাণ্ডে : 30 দিনৰ সময়সূচীৰে জেইছালমেৰলৈ ৰাওনা হ’ব অক্ষয়,কৃতি

author img

By

Published : Dec 28, 2020, 12:39 PM IST

আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত 100 জনীয়া সদস্যৰ সৈতে ৰাজস্থানৰ জেইছালমেৰলৈ ৰাওনা হ’ব চুপাৰষ্টাৰ অক্ষয় কুমাৰ আৰু অভিনেত্ৰী কৃতি চেনন ৷ এক্সন ক’মেডী ছবি ‘বচ্চন পাণ্ডে’ৰ দৃশ্যগ্ৰহণৰ বাবে 30 দিনৰ পৰিকল্পনাৰে ৰাজস্থানলৈ যাব টীমটোৱে ৷

Bachchan Pandey
বচ্চন পাণ্ডে

চিটাৰা ডেস্ক,28 ডিচেম্বৰ : এক্সন ক’মেডী ছবি ‘বচ্চন পাণ্ডে’ৰ দৃশ্যগ্ৰহণৰ বাবে ৰাজস্থানৰ জেইছালমেৰলৈ ৰাওনা হ’ব চুপাৰষ্টাৰ অক্ষয় কুমাৰ আৰু অভিনেত্ৰী কৃতি চেনন ৷

অভিনেতা অক্ষয় সম্ভৱতঃ বলিউডৰ প্ৰথম A-লিষ্টৰ অভিনেতা, যিয়ে ক’ভিড-19ৰ নিষেধাজ্ঞা হ্ৰাস হোৱাৰ পাচত দৃশ্যগ্ৰহণস্থলীলৈ উভতি আহিছে । আনহাতে তেওঁৰ ‘বেল ব'টম’ ছবিখন ক’ভিড মহামাৰীৰ সময়ত দৃশ্যগ্ৰহণ আৰম্ভ আৰু সম্পূৰ্ণ কৰা বিশ্বৰ প্ৰথমখন ছবি ।

হাউছফুল 4ৰ সহ-অভিনেত্ৰী কৃতি চেননৰ সৈতে ফাৰহাদ চমজীৰ এক্সন ক’মেডী ছবি ‘বচ্চন পাণ্ডে’ত দেখা পাব অক্ষয় কুমাৰক ৷ আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত 100 জনীয়া সদস্যৰ সৈতে 30 দিনৰ দৃশ্যগ্ৰহণৰ বাবে জেইছালমেৰলৈ যাব অক্ষয় আৰু কৃতি ৷ গাডিচাৰ লেক, জেইছালকোটৰ দৰে ঠাইত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ’ব বুলি সূত্ৰই জানিবলৈ দিয়ে ৷

ছবিখনত অক্ষয়ে এক গেংগষ্টাৰৰ চৰিত্ৰ ৰূপায়ন কৰিব,যিয়ে এজন অভিনেতা হোৱাৰ আশা পুহি ৰাখে ৷ আনহাতে কৃতিয়ে সাংবাদিকৰ ভুমিকা পালন কৰিব, যিয়ে এগৰাকী ছবি প্ৰযোজক হোৱাৰ ইচ্ছা প্ৰকাশ কৰে ৷

লগতে পঢ়ক : 'Wonder Woman 3'ত পুনৰ দেখা পাব গাল গডোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.