ETV Bharat / sitara

প্ৰয়াত ইৰফান খানৰ সৈতে থকা ‘তিতা-মিঠা’ স্মৃতি শ্বেয়াৰ পুত্ৰ বাবীলৰ

author img

By

Published : Oct 4, 2020, 4:39 PM IST

প্ৰয়াত বলিউড অভিনেতা ইৰফান খানৰ ডাঙৰ পুত্ৰ বাবীল খানৰ চ’ছিয়েল মিডিয়াযোগে পিতৃৰ সৈতে কটোৱা সময়ৰ আবেগভৰা ফটো শ্বেয়াৰ ৷ ইৰফানে শিশু বাবীলৰ হাতত ধৰি থকা ফটো শ্বেয়াৰ কৰি পিতৃক স্মৰণ কৰিছে বাবীলে ৷

Babil Khan shares 'divine bitter-sweetness' memory of dad Irrfan Khan
প্ৰয়াত ইৰফান খানৰ সৈতে থকা ‘তিতা-মিঠা’ স্মৃতি শ্বেয়াৰ পুত্ৰ বাবীলৰ

চিটাৰা ডেস্ক,4 অক্টোবৰ: প্ৰয়াত বলিউড অভিনেতা ইৰফান খানৰ ডাঙৰ পুত্ৰ বাবীল খানে পিতৃৰ সৈতে কটোৱা সময়ৰ আবেগভৰা ফটো চ’ছিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছে ৷ ফটোখনত ইৰফানে শিশু বাবীলৰ হাতত ধৰি থকা মূহুৰ্ত দেখিবলৈ পোৱা গৈছে ৷

ফটোখনৰ জৰিয়তে এক আবেগভৰা কেপচনত পিতৃ ইৰফানক সুঁৱৰি বাবীলে এনেদৰে ব্যক্ত কৰে,‘‘মৃত্যু জীৱিত লোকৰ বাবে দুখদায়ক ৷ কিন্তু আপুনি মোক শিকাইছে মৃত্যু কেৱল আৰম্ভণিহে ৷ সেইবাবে মই তিতা-মিঠা অভিজ্ঞতাৰে জীৱন অতিবাহিত কৰি আছো’’ ৷

‘‘যেতিয়া মই বিট্লেছ শুনি আছিলো,তেতিয়া আপুনি মোক দ্যা ডোৰছৰ সৈতে পৰিচয় কৰাই দিছিল আৰু আমি একেলগে গাইছিলো ৷ এতিয়াও মই আপোনাক স্মৰণ কৰি এই গানবোৰ গাওঁ’’ ৷ দুখভৰা কেপচনেৰে এনেদৰে বাবীলে পিতৃৰ প্ৰতি থকা মৰম ব্যক্ত কৰে ৷

ইৰফান খানৰ মৃত্যুৰ পাচৰে পৰা তেওঁৰ পত্নী সুতাপা শিকদাৰ আৰু পুত্ৰ বাবীলে এনেদৰে চ’ছিয়েল মিডিয়াযোগে ইৰফানৰ সৈতে থকা মধুৰ স্মৃতিবোৰ শ্বেয়াৰ কৰি আহিছে ৷

লগতে পঢ়ক: #MeTooIndia আন্দোলনক ‘ভুৱা’ আখ্যা পায়েল ঘোষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.