চিটাৰা ডেস্ক,23 মাৰ্চঃ শেহতীয়াকৈ বিশ্ববাসী আতংকিত আৰু জৰ্জৰিত কৰ'ণা ভাইৰাছকলৈ ৷ অভিনেতা আয়ুষ্মান খুৰাণাই জনতা কাৰ্ফিউৰ মাজতে দেওবাৰে লিখি উলিয়ায় এটা অৰ্থ সম্বলিত কবিতা ৷ দেওবাৰে জনতা কাৰ্ফিউৰ মাজতে বিয়লিভাগত সমগ্ৰ দেশতে থালি, ঘন্টা আদি বজোৱাৰ সাক্ষী হোৱাত তেওঁ অবাক হৈ পৰে ৷ আয়ুষ্মানৰ উপৰিও কৃতি সেননেও ভাৱপূৰ্ণ কবিতা লিখি উলিয়ায় এই বিশেষ মূহু্র্তকলৈ ৷
আয়ুষ্মানে নিজৰ ইনষ্টাগ্ৰাম যোগে এটি ভিডিঅ' শ্বেয়াৰ কৰে, য'ত তেওঁক নিজৰ বেলক'নিত কবিতা পঢ়ি থকা অৱস্থাত দেখা পোৱা গৈছে ৷ তেওঁ এটা কবিতাৰ জৰিয়তে কয়," শ্ৰদ্ধাৰ ৰাইজ, 5 বজাত যিটো মই দেখিলো, সেয়া বহুত ঐতিহাসিক আছিল ৷ মোৰ ধাৰণা যে, এয়া মানৱ সম্বন্ধ আৰু মানুহৰ ভাৱনাৰ এটি ডাঙৰ উদাহৰণ আছিল ৷ ইয়াত আমি সকলো একেলগ হৈ আছো "৷
- " class="align-text-top noRightClick twitterSection" data="
">
কবিতাৰ জৰিয়তে তেওঁ দেশৰ নাগৰিকৰ ৰক্ষা কৰাৰ বাবে সকলো চিকিৎসকৰ কৃতজ্ঞতা জ্ঞাপন কৰে ৷ কবিতা পাঠৰ জৰিয়তে তেখেতে লক ডাউনৰ ফলত ৰাইজ সকল অসুবিধাত পৰা নাই, প্ৰদূষণৰ স্তৰ সৰ্বকালৰ সৰ্বনিম্ন হোৱাৰ লগতে পক্ষীকুলো আনন্দত থকা দেখা গৈছে বুলি মন্তব্য কৰে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
অন্যহাতে কৃতি সেননেও এটি ভিডিঅ' শ্বেয়াৰ কৰি তেওঁ নিজে লিখা হৃদয়স্পৰ্শী কবিতাটো পঢ়ি থকা অৱস্থাত দেখা পোৱা গৈছে ৷
লগতে পঢ়কঃজনতা কাৰ্ফিউ উদযাপন কৰাকলৈ বি-টাউনবাসীৰ মাজত সমালোচনা