ETV Bharat / sitara

পুনৰ অনুভৱ সিনহাৰ সৈতে কাম কৰিব আয়ুষ্মান খুৰাণাই

author img

By

Published : Feb 21, 2020, 6:10 PM IST

ছবি নিৰ্মাতা-নিৰ্দেশক অনুভৱ সিনহাই এবাৰ পুনৰ কাম কৰিব চুপাৰষ্টাৰ আয়ুষ্মান খুৰাণাৰ সৈতে ৷ আৰ্টিকেল-15ৰ পিছত এইবাৰ অনেক নামৰ আহিবলগীয়া ছবিখনৰ বাবে দুয়োৱে কাম কৰিব একেলগে ৷

Ayushmann Khurrana to feature in Anubhav Sinha's next Anek
অনুভৱ সিনহাৰ সৈতে আয়ুষ্মান খুৰাণা

চিটাৰা ডেস্ক,21 ফেব্ৰুৱাৰীঃ সামাজিক বাৰ্তামূলক ছবি নিৰ্মাণৰ বাবে জনপ্ৰিয় নিৰ্মাতা তথা নিৰ্দেশক অনুভৱ সিনহাৰ আগন্তুক প্ৰকল্পত মুখ্য চৰিত্ৰত অভিনয় কৰিব অভিনেতা আয়ুষ্মান খুৰাণাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

সূত্ৰৰ দ্বাৰা জানিব পৰা মতে,অনুভৱ সিনহাৰ সৈতে আৰ্টিকেল-15 কৰাৰ পিছত এইবাৰ পলিটিকেল ড্ৰামা অনেকত কাম কৰিব আয়ুষ্মান খুৰাণাই ৷ চলচ্চিত্ৰ সমালোচক ৰাজীৱ মচন্দে নিজৰ লেখাৰ জৰিয়তেও প্ৰকাশ কৰে এই কথা ৷ তেওঁ জনোৱা মতে,ছবিখনৰ শ্বুটিঙৰ কাম আৰম্ভ হ'ব অহা এপ্ৰিল মাহৰ পৰা ৷

যদি দুয়োজনৰে কামৰ কথালৈ চাও,শেহতীয়াকৈ শুকুৰবাৰে মুক্তি পাইছে আয়ুষ্মান খুৰাণাৰ নতুন ছবি শুভ মংগল জ্যাদা সাৱধান ৷ সমকামিতাৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা ছবিখনত আয়ুষ্মান খুৰাণাৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে জিতেন্দ্ৰ কুমাৰে ৷

সেইদৰে অনুভৱ সিনহা সাজু হৈছে আগন্তুক ছবি থাপৰৰ সৈতে ৷ মুখ্য চৰিত্ৰত তাপসী পান্নু অভিনীত অনুভৱ সিনহাৰ এই ছবিখন নিৰ্মাণ কৰা হৈছে ঘৰুৱা হিংসাজনিত বিষয়ৰ ওপৰত ৷

লগতে পঢ়কঃডুবাই আৰু ইউ.এ.ইত নিষিদ্ধ হ'ল শুভ মংগল জ্যাদা সাৱধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.