ETV Bharat / sitara

আহি আছে আয়ুষ্মান খুৰানাৰ "Doctor G"

আয়ুষ্মান খুৰানা আৰু ৰকুল প্ৰীত সিং অভিনীত "ডক্টৰ জি"(Doctor G)ৰ মুক্তিৰ দিন ঘোষণা । এই ছবিখন অনুভূতি কাশ্যপ পৰিচালিত প্ৰথমখন ছবি । আনহাতে, ছবিখনৰ মুক্তিৰ দিনটোলৈ আশাৰে বাট চাইছে আয়ুষ্মান খুৰানা আৰু ৰকুল প্ৰীতৰ অনুৰাগীয়ে ।

Doctor G gets release date
১৭ জুনত মুক্তি লাভ কৰিব Doctor G
author img

By

Published : Nov 1, 2021, 6:16 PM IST

চিটাৰা ডেস্ক, ১ নৱেম্বৰ : ২০২২ চনৰ ১৭ জুনত ছবিগৃহত মুক্তি লাভ কৰিব আয়ুষ্মান খুৰানা অভিনীত কমেডি-ড্ৰামা "ডক্টৰ জি"(Doctor G)য়ে । জংগলী পিকচাৰ্ছে সোমবাৰে ইনষ্টাগ্ৰাম পোষ্টযোগে ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে । ছবিখনত মোহময়ী অভিনেত্ৰী ৰকুল প্ৰীত সিঙৰ লগতে শ্বেফালী শ্বাহেও অভিনয় কৰিছে । জংগলী পিকচাৰ্ছে ছবিখনৰ মুক্তিৰ দিন ঘোষণা কৰি দৰ্শকক ছবিখন উপভোগ কৰাৰ বাবে টিকট বুক কৰিবলৈ সাজু হ'বলৈ কয় ।

"ডক্টৰ জি"(Doctor G) অনুভূতি কাশ্যপ পৰিচালিত প্ৰথমখন ছবি । পূৰ্বে তেওঁ কৈছিল যে, ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে আৰু সেয়ে, তেওঁলোকে এতিয়া ছবিখন ছবিগৃহত মুক্তি দিয়াৰ বাবে প্ৰস্তুতি চলাই আছে । তেওঁ লগতে কয় যে, আয়ুষ্মান, ৰকুল প্ৰীত, শ্বেফালীৰ লগতে 'ডক্টৰ জি'ৰ গোটেই দলটোৰ সৈতে কাম কৰিবলৈ সুযোগ পাই তেওঁ সুখী । লগতে তেওঁ জংগলী পিকচাৰ্ছৰ সৈতে কাম কৰাৰ অনুভৱো প্ৰকাশ কৰে ।

লগতে তেওঁ কয় যে, ছবিখনৰ মুক্তিৰ দিনটোলৈ তেওঁ অপেক্ষা কৰি আছে । কাশ্যপে সুমিত চক্সেনা, বিশাল ৱাঘ আৰু সৌৰভ ভৰতৰ সৈতে 'ডক্টৰ জি'ৰ কাহিনীও ৰচনা কৰিছে ।

ইফালে এই ছবিখন জংগলী পিকচাৰ্ছৰ সৈতে আয়ুষ্মানৰ তৃতীয়খন ছবি । ইয়াৰ পূৰ্বে জংগলী পিকচাৰ্ছৰ বেনাৰত আয়ুষ্মানে ২০১৭ চনত "বৰেলী কি বৰফি" আৰু ২০১৮ চনত "বধাই হো" ছবিত অভিনয় কৰিছে । ১০ ডিচেম্বৰত মুক্তি লাভ কৰিবলগীয়া "চণ্ডীগড় কৰে আশিকী"তো আয়ুষ্মানক দেখা পোৱা যাব । আনহাতে, ৰকুল প্ৰীত সিঙক জন আব্ৰাহামৰ সৈতে "এটেক" নামৰ ছবিখনত দেখা পোৱা যাব ।

লগতে পঢ়ক : মুক্তিৰ পূৰ্বেই মুখ্য কলা-কুশলীৰ সৈতে ‘RRR’ৰ এক আভাষ প্ৰদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.