চিটাৰা ডেস্ক,৭ এপ্ৰিল: নিজা দৃষ্টিভংগীৰে জনপ্ৰিয়তা তথা খ্যাতি লাভৰ আঁৰৰ কেতবোৰ দিশ দাঙি ধৰিছে বলীউডৰ অভিনেতা আয়ুস্মান খুৰানাই । কেনেকৈ খ্যাতি লাভে আনৰ ওচৰত এজন লোকৰ গুৰুত্ব অধিক কৰি তোলাৰ সমান্তৰালকৈ উক্ত লোকজনক নিজৰ মাজতে অকলশৰীয়া কৰি তোলে, সেই বিষয়ে মতামত আগবঢ়াইছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকীয়ে ।
খুৰানাই জনপ্ৰিয়তা লাভ কৰাৰ আগৰ আৰু পাছৰ সময়খিনিৰ বিষয়ে বৰ্ণনা কৰি এটা পোষ্ট ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰিছে । তেওঁ লিখিছে, "খ্যাতিৰ এই পৃথিৱীখন মুক্ত নহয় । এনে লাগে যেন আপুনি এটা কোঠাত আছে, য'ত পৰ্যাপ্ত ঠাইৰ অভাৱ, সময় কম, বন্ধুৰ সংখ্যাও কম । তেওঁ কয় যে, একে সময়তে কোঠাটোৰ বাহিৰত এক বিশাল ভিৰ থকা যেন অনুভৱ হয় ৷ এই ভীৰে অহৰহ দুৱাৰখনত খুন্দিয়াই আছে, ভিতৰলৈ আহিবলৈ বিচাৰিছে" ।
- " class="align-text-top noRightClick twitterSection" data="
">
অভিনয়ৰ বাবে আয়ুস্মান খুৰানাই অনুৰাগীৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে । কিন্তু সফলতা লাভৰ পিছতো তেওঁ ইয়াৰ এক বিপৰীত দিশ দাঙি ধৰিছে । খ্যাতি লাভ কৰাৰ পিছত জীৱন কেনেকুৱা হয়, সেই বিষয়ে বৰ্ণনা কৰি আয়ুস্মানে লিখিছে, "যেতিয়া খ্যাতি নাইকিয়া হ'ব, তেতিয়া আপুনি পুনৰ অকলে কোঠাটোত থাকিব লাগিব । কিন্তু এইবাৰ অধিক সময়, অতিৰক্তভাৱে ডাঙৰ ঠাই, বহুত কম বন্ধু পাব । কিন্তু একমাত্ৰ পাৰ্থক্য এয়ে যে, বাহিৰৰ পৰা কোনেও আমনি নকৰিব" ৷
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখ্য যে, বৰ্তমান আয়ুস্মানে পৰৱৰ্তী ছবি 'ডক্টৰ জি' ৰ বাবে প্ৰস্তুতি চলাই আছে । অভিনেতাজনে ইতিমধ্যে অনুভৱ সিনহাৰ 'অনেক' আৰু অভিষেক কাপুৰৰ 'চণ্ডীগড় কৰে আশিকী' ৰ দৃশ্যগ্ৰহণৰ কাম সম্পূৰ্ণ কৰিছে ।
লগতে পঢ়ক: সুশান্ত সিং ৰাজপুতৰ ওপৰত ছবি নিৰ্মান কৰিব ৰাম গোপাল বাৰ্মাই