ETV Bharat / sitara

অসম আৰু বিহাৰৰ বানাক্ৰান্তলৈ বিৰাট-অনুষ্কাৰ সাহাৰ্য - ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মা

ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু জনপ্ৰিয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে অসম আৰু বিহাৰৰ বানাক্ৰান্তৰ প্ৰতি সুহৃদয়তা প্ৰকাশ কৰি অনুদান আগবঢ়াইছে আৰু লগতে আনকো অনুদান আগবঢ়াবৰ বাবে অনুৰোধ কৰিছে ৷

Anushka and virat donate for Assam and Bihar flood an urged people to donate for Assam
অসম আৰু বিহাৰৰ বানাক্ৰান্তলৈ সাহাৰ্য বিৰাট-অনুষ্কাৰ
author img

By

Published : Jul 30, 2020, 2:02 PM IST

চিটাৰা ডেস্ক,30 জুলাইঃ অতি জনপ্ৰিয় তাৰকা দম্পতী বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই শেহতীয়াকৈ অনুদান আগবঢ়ালে অসম আৰু বিহাৰৰ বানাক্ৰান্ত সকললৈ ৷ কেৱল অনুদান আগবঢ়োৱাই নহয় আনকো অনুদান আগবঢ়াবৰ বাবে অনুৰোধ জনাইছে তাৰকা দম্পতীয়ে ৷

দুয়োৱে নিজৰ ইনষ্টাগ্ৰাম একাউন্ট যোগে প'ষ্ট শ্বেয়াৰ কৰি লিখিছে যে যেতিয়া দেশে কৰ'ণা মহামাৰীৰ সৈতে যুঁজি আছে ৷ সেই সময়ত অসম আৰু বিহাৰৰ মানুহৰ জীৱন বিপন্ন কৰিছে প্ৰলয়ংকাৰী বানে ৷ দুয়োৱে অসম আৰু বিহাৰৰ মানুহৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে তিনিটা সাহাৰ্য প্ৰদানকাৰী সংগঠনক সহযোগ কৰি অনুদান আগবঢ়াইছে ৷ তেওঁলোকে নিজে বানাক্ৰান্তক সহায় কৰাৰ লগতে আনকো এনে কৰিবলৈ উদ্বুদ্ধ কৰা পৰিলক্ষিত হৈছে ৷

Anushka and virat donate for Assam and Bihar flood an urged people to donate for Assam
জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু জনপ্ৰিয় ক্ৰিকেটাৰ বিৰাট কোহলী

এই তাৰকা দম্পতীয়ে সদায় নিজৰ প্ৰতিভা আৰু কামৰ বাবে জনমানসত জনপ্ৰিয় হৈ আহিছে ৷ বানাক্ৰান্তৰ প্ৰতি তেওঁলোকৰ এই সহমৰ্মিতাই পুনৰ আপ্লুত কৰিছে দুয়োৰে অনুৰাগীসকলক ৷

এইখিনিতে জনাই থওঁ যে, বান তথ্য অনুসৰি বৰ্তমানলৈকে অসমৰ 5,305 খন গাঁও আৰু 5,671,209 গৰাকী লোক বানৰ ফলত প্ৰভাৱিত হৈছে ৷ লগতে বিহাৰৰ 3,847,531 জন লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে ৷

লগতে পঢ়কঃবাহুবলীৰ পৰিচালক এচ এচ ৰাজামৌলিৰ দেহত কোভিড-১৯ পজিটিভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.