চিটাৰা ডেস্ক, ১৩ জানুৱাৰী: ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি আৰু অভিনেত্ৰী অনুষ্কা শৰ্মাই তেওঁলোকৰ কন্যাৰ ফটো নুঠাবলৈ বুধবাৰে ফটো সাংবাদিকক আহ্বান জনায় । যোৱা ১১ জানুৱাৰীত পিতৃত্বৰ সুখ লাভ কৰাৰ পিছতে কোহলিয়ে সদ্যোজাত সন্তান আৰু মাতৃ অনুষ্কা সুস্থ বুলি ঘোষণা কৰিছিল । বিৰাট আৰু অনুষ্কাই মুম্বাইৰ ফটো সাংবাদিকক তেওঁলোকৰ কণমানি কন্যাৰ ব্যক্তিগত জীৱনৰ প্ৰতি সন্মান জনাই ফটো উঠোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায় । সাংবাদিকসকলে দিয়া মৰমৰ বাবে তেওঁলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ।
লগতে কয় যে, "অভিভাৱক হিচাপে আমি আমাৰ সন্তানৰ ব্যক্তিগত জীৱন সুৰক্ষিত কৰিব বিচাৰো । এই ক্ষেত্ৰত আমি আপোনালোকৰ সহায় আৰু সমৰ্থন বিচাৰিছো ।" বিৰাট-অনুষ্কাক লৈ প্ৰকাশ কৰিব বিচৰা সকলো খবৰ তেওঁলোকে পাব বুলিও আশ্বাস দিয়ে । কিন্তু বৰ্তমান বিৰাট-অনুষ্কাৰ যিকোনো বিষয়ত তেওঁলোকৰ কন্যাক সাঙুৰি নল'বলৈ আহ্বান জনায় । শেহতীয়াকৈ বিৰাট আৰু অনুষ্কাই তৃতীয় বিবাহ বাৰ্ষিকী উদযাপন কৰিছে । ২০১৭ চনৰ ১১ ডিচেম্বৰত ইটালীত তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল ।
লগতে পঢ়ক:বিহাৰত মুক-বধিৰ নাবালিকাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ তিনি