চিটাৰা ডেস্ক, ২৩ জুন: এইবাৰ হলীউডৰ ছবিৰ ৰিমেক নিৰ্মাণৰ প্ৰস্তুতি চলাইছে বলীউডৰ ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে । হলীউডৰ ছবি পৰিচালক কুৱেণ্টিন টাৰেণ্টিন'(Quentin Tarantino')ৰ ছবিৰ হিন্দী ৰিমেক নিৰ্মাণ কৰিবলৈ তেওঁ যো-জা চলাইছে বুলি জানিব পৰা গৈছে । ২০০৩ চনত মুক্তি লাভ কৰা কুৱেণ্টিন টাৰেণ্টিন'ৰ "কিল বিলঃ ভলিউম-১"(Kill Bill: Volume 1) শীৰ্ষক ছবিখনৰ হিন্দী ৰিমেক পৰিচালনা কৰিব অনুৰাগ কাশ্যপে ।
কৃতি সেননক ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ যোগাযোগ কৰা হৈছে বুলি চৰ্চা আৰম্ভ হৈছে । অনুৰাগ কাশ্যপে কুৱেণ্টিন টাৰেণ্টিন'ৰ পপ ক্লাছিক ছবি শৃংখলা 'কিল বিল'ৰ দেশী সংস্কৰণৰ পৰিকল্পনা কৰিছে । ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰা উমা থাৰমেনে শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল ।
- " class="align-text-top noRightClick twitterSection" data="
">
বিট্ৰিক্স কিডোৰ আলফা একচন নায়িকাৰ চৰিত্ৰৰ বাবে উমা জনপ্ৰিয় হৈ পৰিছিল । 'কিল বিল'ৰ হিন্দী ৰিমেকৰ বাবে নিৰ্মাতাই কৃতি সেননক লোৱাত আগ্ৰহ প্ৰকাশ কৰিছে ।
টাইগাৰ শ্ৰফৰ সৈতে একচন-থ্ৰিলাৰ ছবি 'গণপথ'ত অভিনয় কৰিছে কৃতিয়ে । ইফালে, অনুৰাগে নতুন থ্ৰিলাৰ ছবি 'দোবাৰা'ৰ মুক্তিৰ বাবে সাজু হৈছে । ছেপ্টেম্বৰ মাহত ছবিখনে মুক্তি লাভ কৰিব । ছবিখনত তাপসী পান্নুৱে অভিনয় কৰিছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
কাল্ট মুভিজৰ ছবিখনে দৰ্শকৰ সমাদৰ লাভ কৰিব বুলি আশাবাদী ছবি নিৰ্মাতাসকল । 'দোবাৰা'ৰ উপৰিও অনুৰাগ কাশ্যপে পৰিচালনা কৰা 'কাৰ্গো', 'গোলাব জামুন' আৰু 'বাম্ফাড়' নামৰ ছবি তিনিখনো চলিত বৰ্ষতে মুক্তি লাভ কৰিব । 'গোলাব জামুন' ছবিখনত অভিনেতা অভিষেক কাশ্যপে অভিনয় কৰিছে ।
আনহাতে, যোৱা মাহত অনুৰাগ কাশ্যপৰ এঞ্জিঅ'প্লাষ্টি সম্পন্ন হৈছিল । তেওঁৰ মুখপাত্ৰই জনোৱা মতে, তেওঁৰ স্বাস্থ্য অৱস্থা বেয়া হোৱাৰ বাবে মুম্বাইৰ এখন হাস্পতালত এঞ্জিঅ'প্লাষ্টি সম্পন্ন কৰা হয় ।