চিটাৰা ডেস্ক,13 জানুৱাৰী : বলিউডৰ বিশিষ্ট অভিনেতা অনুপম খেৰে মঙলবাৰে তেওঁৰ শেহতীয়াকৈ প্ৰকাশ পোৱা ‘ইয়ৰ বেষ্ট ডে ইজ টুডে’ শীৰ্ষক কিতাপখন চুপাৰষ্টাৰ অভিতাভ বচ্চনক উপহাৰ হিচাপে প্ৰদান কৰে ৷ অনুপম খেৰে ইনষ্টাগ্ৰামযোগে কৌন বনেগা কৌৰৰপতিৰ দৃশ্যগ্ৰহণ স্থলীৰ পৰা এখন ফটো শ্বেয়াৰ কৰি এই কথা ব্যক্ত কৰে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
কেপচনত তেওঁ লিখিছে, তেওঁৰ এই কিতাপখন এগৰাকী প্ৰেৰণাৰ ব্যক্তি অমিতাভ বচ্চনৰ সৈতে ভাগ-বতৰা কৰাতো তেওঁৰ বাবে এক সৌভাগ্য ৷ বচ্চন এগৰাকী অনুপ্ৰেৰণামূলক আৰু উদাৰ ব্যক্তি বুলি মন্তব্য কৰে অনুপম খেৰে ৷
শেহতীয়াকৈ অনুপম খেৰে তেওঁৰ কিতাপৰ প্ৰতিলিপি লেখক ৰাস্কিন বণ্ডক মুচৌৰীস্থিত বাসগৃহত উপস্থাপন কৰে । শীঘ্ৰেই খেৰক আগন্তুক ৰাজনীতিমূলক ছবি ‘কাশ্মীৰ ফাইল’ত দেখিবলৈ পোৱা যাব ৷
লগতে পঢ়ক : আগন্তুক 17 মে’ৰ ভিতৰত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব টিটিএএডিচি নিৰ্বাচন