ETV Bharat / sitara

কৰ'ণাই মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায়ঃ অমিতাভ বচ্চন - মেগাষ্টাৰ অমিতাভ বচ্চনৰ COVID-19 ৰোগৰ চিকিৎসা

বিগত কিছু সময়ৰ পৰা মেগাষ্টাৰ অমিতাভ বচ্চনৰ COVID-19 ৰোগৰ চিকিৎসা চলি আছে মুম্বাইৰ নানাৱতী হাস্পতালত ৷ ইয়াৰ মাজতে চিকিৎসালয়ৰ পৰাই অভিনেতাগৰাকীয়ে জনাইছে যে, COVID-19 ৰোগৰ প্ৰভাৱ মানসিক স্বাস্থ্যতো পৰে ৷ কাৰণ আপুনি এই সময়খিনিত অকলশৰীয়া হৈ পৰে ৷

amitabh bachchan talks about his experience of being isolated
মেগাষ্টাৰ অমিতাভ বচ্চন
author img

By

Published : Jul 26, 2020, 9:46 PM IST

চিটাৰা ডেস্ক,26 জুলাইঃ বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন আৰু তেওঁৰ পুত্ৰ,বোৱাৰী আৰু নাতিনী COVID-19 মহামাৰীত আক্ৰান্ত হৈ মুম্বাইৰ নানাৱতী হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

অৱশ্যে বৰ্তমান তেওঁলোকৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ৷ চিকিৎসাৰ কালচোৱাত ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ আছে বিগ বি অমিতাভ বচ্চন ৷ ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে তেওঁ অনুৰাগীসকলক দি আছে নিজৰ স্বাস্থ্যৰ খবৰ ৷

শেহতীয়াকৈ তেওঁ নিজৰ ব্ল'গৰ জৰিয়তে প্ৰকাশ কৰিছে যে, COVID-19 মহামাৰীয়ে মানুহৰ মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায় ৷

তেওঁ লিখে, "মনোবিজ্ঞানীৰ মতে এই সময়খিনিত মানুহ যথেষ্ট অকলশৰীয়া হৈ পৰে ৷ চিকিৎসালয়ৰ পৰা অব্যাহতি লোৱাৰ পিছতো মানুহৰ ভয় সোমাই যায়, ৰাজহুৱা স্থানলৈ যাবলৈ ভয় কৰে আৰু তেওঁলোকৰ অনুভৱ হ'ব পাৰে এতিয়া মানুহে তেওঁলোকক পৃথক ধৰণৰ আচৰণ কৰিব ৷ এনেকুৱা আচৰণ যে, আপুনি আপোনাৰ লগত ৰোগটো লৈ ফুৰিছে ৷ ইয়াক পৰিয়াহ ছিণ্ড্ৰ'ম বুলি কোৱা হয় ৷ ইয়াৰ দ্বাৰা মানুহৰ হতাশা আহিব পাৰে আৰু অকলশৰীয়া হৈ পৰিব পাৰে ৷"

অমিতাভ বচ্চনৰ অনুৰাগীসকলে এই সময়খিনিত তেওঁৰ সু-স্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰি আছে ৷ সেয়ে ইয়াৰ বাবে অভিনেতাগৰাকীয়ে সকলো অনুৰাগীকে ধন্যবাদ জ্ঞাপন কৰিছে ছ'চিয়েল মিডিয়া যোগে ৷

লগতে পঢ়কঃউত্তৰাখণ্ডৰ পাহাৰীয়া ৰাস্তাত ট্ৰাক চলালে শ্ৰুতি হাচানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.