চিটাৰা ডেস্ক, ১১ অক্টোবৰ : অভিনয়ৰ জৰিয়তে সমগ্ৰ দেশবাসীৰ হৃদয়ত স্থান দখল কৰা মেগাষ্টাৰ অমিতাভ বচ্চন(Amitabh Bachchan)ৰ আজি ওপজা দিন । বলীউডৰ তাৰকা, অনুৰাগী সকলোৱে জন্মদিনৰ শুভেচ্ছা জনাইছে বিগ বিক । সততে ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা অমিতাভ বচ্চনে ওপজা দিনটোও এখন আকৰ্ষণীয় ফটোৰে বিশেষ কৰি তুলিলে । ইনষ্টাগ্ৰাম পোষ্টযোগে ক'লাজ ফটো শ্বেয়াৰ কৰে অভিনেতাগৰাকীয়ে ।
ফটোখনত বিগ বিক পাতল সেউজীয়া ৰঙৰ জোতা পৰিধান কৰি, ষ্টাইলিছ স্লিং বেগ লৈ খোজকাঢ়ি থকা দেখা গৈছে । ফটোখনৰ কেপচনত তেওঁ লিখিছে যে, "৮০ ৰ দিশে খোজ" । সকলোৱে তেওঁৰ এই ৰূপ দেখি আনন্দিত হৈ পৰে । বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰে "স্বেগ" লিখিছে ফটোখনৰ কমেণ্টত ।
লগতে তেওঁ বিগ বি-লৈ শুভেচ্ছা জনাইছে । ৰণবীৰ সিঙে অমিতাভ বচ্চনক উদ্দেশ্যি লিখিলে "গেংষ্টাৰ" ।
বিগ বিৰ কন্যা শ্বেতা বচ্চনেও পিতৃৰ ফটোত কমেণ্ট কৰে । সোমবাৰে পুৱাই বিগ বিৰ ওপজা দিন উদযাপন কৰিবলৈ তেওঁৰ বাসগৃহ 'জলসা'ৰ সন্মুখত একাংশ অনুৰাগী একত্ৰিত হৈছিল । অনুৰাগীসকলক কেক কটা দেখা গৈছিল আৰু তেওঁলোকৰ মৰমৰ অভিনেতাগৰাকীৰ বাবে গীত পৰিৱেশন কৰা দেখা গৈছিল । সকলোৱে অমিতাভ বচ্চনক ওপজা দিনৰ শুভেচ্ছা জনাই তেওঁৰ দীৰ্ঘায়ু কামনা কৰে ।
লগতে পঢ়ক: আৰিয়ান খানৰ গ্ৰেপ্তাৰ সন্দৰ্ভত বিশাল দদলানিৰ প্ৰতিক্ৰিয়া