ETV Bharat / sitara

অমিতাভ বচ্চনে খণ্ডন কৰিলে তেওঁৰ কৰ'ণা নিগেটিভ অহাৰ বাতৰি - অমিতাভ বচ্চনৰ কৰ'ণা নিগেটিভৰ বাতৰি

বলীউডৰ মহানায়ক অমিতাভ বচ্চনে নিজেই নাকচ কৰিলে তেওঁৰ কৰ'ণা নিগেটিভ অহাৰ বাতৰি ৷ অভিনেতা গৰাকীয়ে টুইট যোগে প্ৰকাশ কৰিছে যে এই বাতৰি সম্পূৰ্ণ মিছা ৷

Amitabh bachchan denied the report of being corona negative
অমিতাভ বচ্চনে খণ্ডন কৰিলে তেওঁৰ কৰ'ণা নিগেটিভ অহাৰ বাতৰি
author img

By

Published : Jul 23, 2020, 8:23 PM IST

চিটাৰা ডেস্ক,23 জুলাইঃ কৰ'ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বাবে মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্ত্তি হৈ আছে বলীউডৰ বিগ বি অমিতাভ বচ্চন ৷ অমিতাভ বচ্চনৰ শেহতীয়া স্বাস্থ্যৰ খবৰ আহিছিল যে,তেওঁৰ ৰিপ'ৰ্ট বৰ্তমান নিগেটিভ আহিছে আৰু সোনকালেই তেওঁক অব্যাহতি দিয়া হ'ব নানাৱতী হাস্পতালৰ পৰা ৷ কিন্তু শেহতীয়াভাৱে মেগাষ্টাৰ গৰাকীয়ে নিজেই খণ্ডন কৰিছে এই বাতৰি ৷

অভিনেতা গৰাকীয়ে টুইট যোগে জনাইছে যে,এই খবৰ সম্পূৰ্ণ মিছা ৷ জনাই থওঁ যে,বিগত কিছুদিন পূৰ্বে সামান্য লক্ষণৰ ভিত্তিত কৰ'ণা টেষ্ট কৰা হৈছিল অভিনেতাগৰাকীৰ ৷ এই টেষ্টত তেওঁৰ কৰ'ণা পজিটিভ আহে আৰু তাৰ পিছতেই ঘৰৰ বাকী সদস্যৰো কৰ'ণা টেষ্ট কৰা হৈছিল ৷ য'ত অভিনেতাগৰাকীৰ পুত্ৰ বোৱাৰী আৰু নাতিনীৰো কৰ'ণা পজিটিভ আহে ৷ বৰ্তমান তাৰকা পৰিয়ালৰ চাৰিওগৰাকী সদস্যই ভৰ্ত্তি হৈ আছে মুম্বাইৰ নানাৱতী হাস্পতালত ৷ তাৰ মাজতে তেওঁৰ এই কৰ'ণা নিগেটিভ অহাৰ উৰা বাতৰি সম্পূৰ্ণৰূপে নাকচ কৰিছে বিগ বি অমিতাভ বচ্চনে ৷

লগতে পঢ়কঃহিন্দী মনোৰঞ্জন ক্ষেত্ৰত সুনাম কঢ়িয়াইছে অসম জীয়ৰী প্ৰিয়াশাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.