ETV Bharat / sitara

COVID-১৯ৰ ভয়াবহতাৰ মাজতে লণ্ডনলৈ ৰাওনা শ্বাবানা আজমীৰ - COVID-১৯ৰ ভয়াবহতাৰ মাজতে লণ্ডনলৈ ৰাওনা শ্বাবানা আজমীৰ

আগন্তুক ছবিৰ বাবে লণ্ডনলৈ উৰা মাৰিলে প্ৰবীণ অভিনেত্ৰী শ্বাবানা আজমীয়ে । COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰত-ইংলেণ্ডৰ মাজত বিমান পৰিবহণ বন্ধ হৈ থকাৰ বাবে দিল্লীৰ পৰা ডুবাই হৈ লণ্ডনলৈ যাত্ৰা কৰে অভিনেত্ৰীগৰাকীয়ে ।

COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণৰ মাজতে লণ্ডনলৈ যাত্ৰা শ্বাবানা আজমীৰ

author img

By

Published : Jan 4, 2021, 2:17 PM IST

চিটাৰা ডেস্ক, ৪ জানুৱাৰী: COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণৰ ভয়াৱহতা অব্যাহত থকাৰ পিছতো পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালনৰ বাবে লণ্ডনলৈ যাত্ৰা কৰিলে প্ৰবীণ অভিনেত্ৰী শ্বাবানা আজমীয়ে । এটা ৱেবলইডত প্ৰকাশ পোৱা মতে, ভাৰতলৈ ইংলেণ্ডৰ বিমান পৰিবহণ চৰকাৰে অস্থায়ীভাৱে নিষিদ্ধ কৰাৰ পিছত শ্বাবানা আজমীয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰজেক্টটোৰ কাম স্থগিত কৰাৰ কথা বিবেচনা কৰিছিল । কিন্তু পিছত তেওঁ এই সমস্যাৰ সমাধান বিচাৰি উলিয়ালে । দিল্লীৰ পৰা ডুবাই হৈ লণ্ডনলৈ যাত্ৰা কৰিলে অভিনেত্ৰীগৰাকীয়ে ।

ইংলেণ্ডত আৰম্ভ হোৱা COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণ বিমান যাত্ৰীৰ জৰিয়তে ভাৰতত বিয়পি পৰাত বাধা দিবলৈ ইংলেণ্ডৰ বিমান ভাৰতত অৱতৰণ কৰাত বাধা আৰোপ কৰা হৈছিল । ৱেবলইডৰ তৰফৰ পৰা লোৱা সাক্ষাৎকাৰত শ্বাবানাই কয় যে, বিমান পৰিবহণ বন্ধ হৈ থকাৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰজেক্টৰ কাম কৰিব নোৱাৰিব বুলি নিশ্চিত আছিল । অৱশেষত ডুবাইত এটা নিশাৰ বিৰতি লৈ তেওঁ লণ্ডনলৈ যাত্ৰা কৰে । দেওবাৰে নিশা তেওঁক 'কালি খুহি'ত দেখা পোৱা গৈছিল ।

লগতে পঢ়ক:'বধাই দো'ৰ দৃশ্যগ্ৰহণৰ আঁৰৰ ভিডিঅ' আৰু ফটো শ্বেয়াৰ কৰিলে ভূমি পেডনেকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.