চিটাৰা ডেস্ক,31 জানুৱাৰী : ছবি নিৰ্মাতা কৰণ জোহৰৰ পৰৱৰ্তী ৰোমাণ্টিক ছবিত পুনৰ একেলগে কাম কৰিব বলিউড তাৰকা আলিয়া ভাট আৰু ৰণবীৰ সিঙে ৷
ৰণবীৰ কাপুৰ, অনুষ্কা শৰ্মা আৰু ঐশ্বৰ্য ৰায় বচ্চন অভিনীত ‘এ ডিল হ্যে মুছকিল’ ছবি পৰিচালনাৰ পাছত পুনৰ পৰিচালক ভূমিকা গ্ৰহণ কৰিব কৰণ জোহৰে ৷ ছবি নিৰ্মাতাগৰাকীৰ আগন্তুক এটি নতুন প্ৰেম কাহিনীৰে এইবাৰ আলিয়া আৰু ৰণবীৰ সিঙৰ যুটিক বাছনি কৰিছে কৰণ জোহৰে ৷
আকৰ্ষণীয়ভাৱে, নামবিহীন এই ছবিখনে ৰণবীৰ আৰু কৰণ জোহৰৰ সহযোগিতা পোহৰলৈ লৈ অহাৰ বিপৰীতে আলিয়াই 2019 চনতেই মুক্তিলাভ কৰা ‘কলংক’ ছবিৰ পাচত পুনৰ ধৰ্ম প্ৰডাকশ্যনৰ সৈতে একত্ৰিত হ’ব ৷ অৱশ্যে ছবিখনৰ বাকী দিশসমূহৰ বিৱৰণ বৰ্তমানো গোপনে ৰখা হৈছে ৷
লগতে পঢ়ক : বচ্চন পাণ্ডেত ভিলেইনৰ ৰূপত দেখিবলৈ পোৱা যাব অভিমন্যু সিঙক