ETV Bharat / sports

যিজনে টীম ইণ্ডিয়াৰ বাবে কৰিছিল বাছনি, তেওঁৰ সৈতে একে অভিলেখ এইগৰাকী ভাৰতীয় বলাৰৰ

Mayank Yadav Debut: টি-20 কেৰিয়াৰৰ প্ৰথমখন মেচতে এগৰাকী ভাৰতীয় ফাষ্ট বলাৰে অৰ্জন কৰিছে বৃহৎ কৃতিত্ব । পঢ়ক সবিশেষ...

author img

By ETV Bharat Sports Team

Published : 2 hours ago

MAYANK YADAV
ময়ংক যাদৱ (AP PHOTO)

স্প’ৰ্টছ ডেস্ক, 7 অক্টোবৰ: ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টি-20 মেচত টীম ইণ্ডিয়াত অভিষেক ঘটাইছে ফাষ্ট বলাৰ ময়ংক যাদৱে । মেচৰ পূৰ্বে ভাৰতৰ প্ৰাক্তন খেলুৱৈ মুৰালী কাৰ্তিকে ময়ংকক আন্তঃৰাষ্ট্ৰীয় অভিষেকৰ বাবে প্ৰদান কৰে টুপী । জাতীয় দলত অভিষেক ঘটোৱাৰ পিছত ময়ংক যাদৱে নিজৰ ষ্টাইলত বলিং কৰা দেখা যায় ।

তিনিখন টি-20 মেচৰ শৃংখলাৰ প্ৰথমখন মেচতে নিজৰ নামত এক অনন্য অভিলেখ গঢ়িছিল ময়ংক যাদৱে । আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথম অভাৰত বলিং কৰি অভিলেখ স্থাপন কৰে এইগৰাকী ভাৰতীয় বলাৰে ৷

টি-20 অভিষেকত প্ৰথম অভাৰ মেডেনত বলিং কৰা তৃতীয়গৰাকী ভাৰতীয় বলাৰত পৰিগণিত হৈছে ময়ংক যাদৱ । ইয়াৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল প্ৰাক্তন ভাৰতীয় বলাৰ অজিত আগৰকাৰ আৰু বৰ্তমানৰ বলাৰ অৰ্শদীপ সিঙে ।

এই মেচখনত ময়ংক যাদৱে 5.20 ইকনমিৰে 21 ৰাণ ব্যয় কৰি দখল কৰে এটা উইকেট । এই মেচখনত ভাৰতে দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াই বাংলাদেশক 7 উইকেটত পৰাস্ত কৰে ৷

আন্তঃৰাষ্ট্ৰীয় টি-20 অভিষেক মেচত প্ৰথম অভাৰ মেডেনত বলিং কৰা বলাৰসকল

অজিত আগৰকাৰ (দক্ষিণ আফ্ৰিকা 2006)

টীম ইণ্ডিয়াৰ প্ৰাক্তন বলাৰ তথা বৰ্তমানৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে 2006 চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-20 মেচত অভিষেক ঘটায় । জোহান্সবাৰ্গত খেলা এই মেচখনত আগৰকাৰক ষষ্ঠ অভাৰৰ বাবে বলিঙৰ দায়িত্ব দিয়া হৈছিল ৷ সেই সময়ত ক্ৰিজত উপস্থিত থকা প্ৰতিপক্ষৰ বেটছমেন হাৰ্শ্বেল গিবছে বলাৰগৰাকীৰ পৰা অসুবিধাৰ সন্মুখীন হৈছিল ৷ লগতে সেই অভাৰত এটাও ৰাণ সংগ্ৰহ কৰিব পৰা নাছিল বেটছমেনগৰাকীয়ে ৷

এই মেচখনতে আন্তঃৰাষ্ট্ৰীয় টি-20 অভিষেকৰ প্ৰথম অভাৰত মেডেন বল কৰা প্ৰথমগৰাকী ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছিল অজিত আগৰকাৰ । এই মেচখনত টীম ইণ্ডিয়াই 6 উইকেটত জয়লাভ কৰিছিল ।

অৰ্শদীপ সিং (ইংলেণ্ড 2022)

ভাৰতৰ ফাষ্ট বলাৰ অৰ্শদীপ সিঙে 2022 চনৰ চাউথমপটনত ইংলেণ্ডৰ বিৰুদ্ধে এখন মেচত অভিষেক ঘটায় । এই মেচখনত অৰ্শদীপে দ্বিতীয় অভাৰত বলিং কৰাৰ সুযোগ লাভ কৰি কেৰিয়াৰৰ সুন্দৰ আৰম্ভণি কৰে । ক্ৰিজত উপস্থিত থকা বেটছমেন জেছন ৰয়ে সিঙৰ ছুইং বলৰ বাবে অসুবিধাৰ সন্মুখীন হয় ৷

এই অভাৰত বিপক্ষৰ বেটছমেনক কোনোধৰণৰ ৰাণ সংগ্ৰহৰ সুযোগি নিদিলে অৰ্শদীপে ৷ অৱশ্যে বেটছমেনগৰাকীয়ে উপৰুৱাকৈ দুবাৰ লেগ বাই ৰাণ সংগ্ৰহ কৰে ৷ যাৰ বাবে এই তালিকাত দ্বিতীয় স্থান লাভ কৰে অৰ্শদীপ সিঙে ৷

অজিত আগৰকাৰে এই কৃতিত্ব অৰ্জন কৰাৰ প্ৰায় 16 বছৰৰ পাছত আন এজন ভাৰতীয় বলাৰে এই কৃতিত্ব অৰ্জন কৰে । এই মেচখনত অৰ্শদীপে 3.3 অভাৰত দুটা উইকেট দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে 50 ৰাণত জয়লাভ কৰে ।

লগতে পঢ়ক: শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ সনথ জয়সূৰ্যক নতুন দায়িত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.