চিটাৰা ডেস্ক, 27 ছেপ্তেম্বৰ : দীৰ্ঘ সময়ৰ পৰাই চৰ্চাত আছে বলীউডৰ তাৰকা আলিয়া ভাট(Alia Bhatt) আৰু ৰণবীৰ কাপুৰ(Ranbir Kapoor)ৰ বিবাহৰ প্ৰসংগ ৷ ইতিমধ্যে ৰণবীৰে কৈছে যে, ক’ভিড 19(Covid 19) পৰিস্থিতি সুস্থ হৈ উঠিলে তেওঁলোকে এই বিষয়টোত আগবাঢ়িব ৷ কিছু বিৰতিৰ অন্তত আলিয়া-ৰণবীৰৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে, য’ত দুয়োকে ৰাজস্থানলৈ যাত্ৰা কৰা পৰিলক্ষিত হৈছে ৷
যোধপুৰ বিমানবন্দৰত ৰণবীৰ আৰু আলিয়াক প্ৰত্যক্ষ কৰা হৈছে ৷ আলিয়া-ৰণবীৰৰ এই ফটোখন প্ৰথমে ‘Padharo Mahre Desh’ নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্টযোগে ভাইৰেল হৈ পৰে ৷ আলিয়া-ৰণবীৰে বিবাহৰ স্থান নিৰ্ধাৰণ কৰিবলৈ যোধপুৰলৈ অহা-যোৱা কৰা বুলি ইতিমধ্যে ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈছে ৷
ইফালে দুয়োৰে বিবাহক লৈ উৎসাহিত হৈ পৰিছে অনুৰাগীসকল ৷ অৱশ্যে 28 ছেপ্তেম্বৰত ৰণবীৰৰ জন্মদিন হোৱা হেতুকে দুয়োৱে জন্মদিন উদযাপনৰ বাবে যোধপুৰত উপস্থিত হোৱা বুলিও আন একাংশই সন্দেহ প্ৰকাশ কৰিছে ৷ অন্য এক সূত্ৰই জনোৱা মতে, ৰণবীৰ আৰু আলিয়াই তেওঁলোকৰ ব্যক্তিগত চাৰ্টাৰেৰে ৰাজস্থানত উপস্থিত হয় । যোধপুৰৰ পৰা দুয়োৱে জাৱাই বন্ধলৈ ৰাওনা হয় ৷
- " class="align-text-top noRightClick twitterSection" data="
">
বিবাহৰ বিপৰীতে ৰণবীৰ আৰু আলিয়াই একেলগে কাম কৰা প্ৰথমখন ছবি মুক্তিৰ বাবে অনুৰাগীসকল অপেক্ষাৰত । আয়ান মুখাৰ্জীৰ ‘ব্ৰহ্মাস্ত্ৰ’ ছবিখনত দুয়োৰে ৰোমেঞ্চ চাবলৈ উৎসাহিত হৈ আছে ৰণবীৰ-আলিয়াৰ অনুৰাগীসকল ৷
লগতে পঢ়ক : Khatron Ke Khiladi 11 : অৰ্জুন বিজলানীৰ শিৰত বিজয় মুকুট