ETV Bharat / sitara

Alia replies Kangana: গংগুবাই কাথিয়াৱাড়ীৰ মুক্তিৰ পূৰ্বে কংগনাক সকীয়নী আলিয়াৰ - alia bhatt gives solid reply to kangana ranaut

কংগনা ৰানাৱটৰ সৈতে বলীউড তাৰকা সকলৰ বিতৰ্ক কোনো নতুন কথা নহয় ৷ কংগনাই প্ৰায়ে সকলোকে লক্ষ্য কৰি কমেণ্ট কৰা দেখিবলৈ পোৱা যায় ৷ শেহতীয়াকৈ সঞ্জয় লীলা ভাঞ্চালীৰ ছবি গংগুবাই কাথিয়াৱাড়ী সম্পৰ্কতো বিভিন্ন মন্তব্য দিছে অভিনেত্ৰী গৰাকীয়ে ৷ এতিয়া ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা আলিয়াই উভতি ধৰিছে কংগনাক (Kangana Alia controversy over Gangubai) ৷

Alia replies Kangana
গংগুবাই কাথিয়াৱাড়ীৰ মুক্তিৰ পূৰ্বে কংগনাক সকীয়নী আলিয়াৰ
author img

By

Published : Feb 24, 2022, 6:15 PM IST

চিটাৰা ডেস্ক, 24 ফ্ৰেব্ৰুৱাৰী : গংগুবাই কাথিয়াৱাড়ীৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছৰে পৰাই ছবিখনত আলিয়াৰ বেশ ভূষা আৰু সংলাপক লৈ নিতৌ নতুন নতুন ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ হৈছে ৷ তাৰে মাজত কিছুমান ভিডিঅ’ই বিশেষ চৰ্চা লাভ কৰাৰ লগতে পাইছে দৰ্শকৰ আদৰ ৷

তেনে এটা ভিডিঅ’ক লৈয়ে এতিয়া কথাৰ কটাকটি চলিছে আলিয়া-কংগনাৰ মাজত ৷ এগৰাকী শিশুৱে গংগুবাইৰ দৰে সাজসজ্জা কৰি চিনেমাখনৰ সংলাপ এটাৰ সৈতে এটা ভিডিঅ’ সামাজিক মাধ্যমত পোষ্ট কৰিছিল (Little Gangubai girl viral video) ৷ আলিয়াই ভিডিঅ’টো প্ৰত্যক্ষ কৰি ভাল লগাত নিজৰ ইন্ষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল ৷

উক্ত ভিডিঅ’টো কংগনাৰ চকুত পৰাত আক্ৰমণৰ বাবে লক্ষ্য কৰি ল’লে আলিয়াক (Kangana comment on Gangubai Kathiawadi) ৷ তেওঁ মন্তব্য কৰিলে এইদৰে, "এই ছোৱালীজনীয়ে মুখত বিড়ি লৈ এগৰাকী যৌন কৰ্মীৰ চৰিত্ৰত অভিনয় কৰিব লাগেনে, তাই মুখেৰে এনে অশ্লীল সংলাপ ক'ব লাগেনে ? এই ছোৱালীজনীৰ বডি লেংগুৱেজ লৈ মন কৰক, তাইক এনেদৰে শোষণ কৰাটো উচিত হৈছেনে ? এনেধৰণৰ বিভিন্ন মন্তব্য কৰি ক্ষান্ত নোহোৱা কংগনাই এই ছোৱালীজনীৰ পিতৃ-মাতৃৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীও জনালে ।

আলিয়াই এই সন্দৰ্ভত প্ৰত্যুত্তৰ দিলে যে, "এই ভিডিঅ’টো মই বহুত মৰমলগা পালো ৷ মই নিশ্চিত যে প্ৰাপ্তবয়স্কৰ অনুপস্থিতিত এইটো প্ৰস্তুত কৰা হোৱা নাই ৷ যদি ছোৱালীজনীৰ পৰিয়ালৰ এনে ধৰণৰ ভিডিঅ’ প্ৰস্তুত কৰাত কোনো আপত্তি নাই, তেন্তে আন কাৰোৰে এই বিষয়ত সমস্যা থাকিব নেলাগে ৷"

লগতে পঢ়ক: শ্ৰী দেৱীৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীত আপোনালৈ অভিনেত্ৰী গৰাকীৰ বিশেষ পাঁচটা কথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.