চিটাৰা ডেস্ক,5 ডিচেম্বৰ : ‘জৱানী জানেমান’ ছবিখনেৰে অভিনয় জগতত ভৰি দিয়া নৱাগতা অভিনেত্ৰী আলায়া এফে শুকুৰবাৰে মুম্বাইৰ জুহু এলেকাত প্ৰাপ্যৰ পৰা বঞ্চিত কেইটিমান শিশুৰ সৈতে কিছু অন্তৰংগ মূহুৰ্ত শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে ৷
বলিউডৰ বহু নৱাগত-নৱাগতা তাৰকাসকলৰ ভিতৰত কিছুসংখ্যকেহে এনেদৰে সাধাৰণ লোকৰ সৈতে মত-বিনিময় কৰা দেখা যায় ৷ আলায়াই নিজৰ গাড়ীৰ ফালে আগবাঢ়ি থকাৰ সময়তে জুহু এলেকাত এই শিশুসকলে তেওঁক ঘেৰি ধৰে ৷ তেওঁ শিশুকেইটিক খাবলৈ কিছু টকা দিয়াৰ পাচত বিৰক্তি নোহোৱাকৈ শিশুসকলৰ সকলো প্ৰশ্নৰ উত্তৰ দিয়ে আলায়াই ৷
প্ৰশ্নবোৰৰ ভিতৰত এটি শিশুৱে আলায়াক এইদৰে প্ৰশ্ন কৰে ‘‘দিদি আপ হিৰোইন হো?’’ ৷ তেতিয়া আলায়াই দিয়া উত্তৰটি চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৷ আলায়াই শিশুটিৰ প্ৰশ্নৰ উত্তৰত কয় যে, ‘‘অভী বন ৰহী হু, থোড়া টাইম লগেগা’’ ৷
আলায়াৰ এই শিশু সুলভ, দয়ালু ভংগীত আকৃষ্ট হৈ শিশুকেইটিয়ে নৱাগতা অভিনেত্ৰী গৰাকীৰ প্ৰশংসা কৰাৰ লগতে হিয়াভৰা শুভেচ্ছা জনায় ৷
সম্প্ৰতি বলিউডত চৰ্চা লাভ কৰা নেপ’টিজম সন্দৰ্ভত আলায়াই কৈছিল যে, যদিও নেপ’টিজমে বলিউডত প্ৰধান্য় লাভ কৰিছে কিন্তু তেওঁ বলিউডত ভৰি দিয়াৰ সময়ত মাতৃ অভিনেত্ৰী পূজা বেদীৰ সহায় লোৱা নাই ৷
লগতে পঢ়ক : 2020 বৰ্ষতো মোৰ বাবে এক বিশেষ বৰ্ষ : নৱাজুদ্দিন ছিদ্দিকী