ETV Bharat / sitara

অহা 9 নৱেম্বৰত মুক্তি লাভ কৰিব ম’ষ্ট ওৱাণ্টেড ছবি ‘লক্ষ্মী বোম্ব’

অক্ষয় কুমাৰ অভিনীত ‘লক্ষ্মী বোম্ব’ ম’ষ্ট ওৱাণ্টেড নামৰ ছবিখন অহা 9 নৱেম্বৰত মুক্তি লাভ কৰাৰ কথা ঘোষণা অক্ষয় কুমাৰৰ ৷ ছবিখন ডিজনী প্লাছ হটষ্টাৰত মুক্তি লাভ কৰিব বুলি অভিনেতা গৰাকীয়ে চ’ছিয়েল মিডিয়াযোগে সদৰি কৰে ৷

most wanted movie Lakshmi Bomb
ম’ষ্ট ওৱাণ্টেড ছবি ‘লক্ষ্মী বোম্ব’
author img

By

Published : Sep 17, 2020, 10:00 AM IST

চিটাৰা ডেস্ক, 17 ছেপ্তেম্বৰ: অভিনেতা অক্ষয় কুমাৰৰ অনুৰাগীসকলৰ বাবে সুখবৰ ৷ তেওঁৰ নতুন ছবি ‘লক্ষ্মী বোম্ব’ৰ মুক্তি লাভৰ তাৰিখ ঘোষণা কৰিছে অক্ষয় কুমাৰে ৷ আগন্তুক 9 নৱেম্বৰ অৰ্থাৎ দিৱালীৰ সময়ছোৱাত অ’টিটি প্ৰেটফ’ৰ্মত মুক্তি লাভ কৰিব ছবিখন ৷

চ’ছিয়েল মিডিয়াযোগে ছবিখনৰ এক টীজাৰ শ্বেয়াৰ কৰি অভিনেতা অক্ষয়ে কয় যে, সমাগত দিৱালীত ‘লক্ষ্মী’ৰ সৈতে এটা ‘বোম’ আহি আছে ৷ আগন্তুক 9 নৱেম্বৰত ডিজনী প্লাছ হটষ্টাৰত আহি আছে ‘লক্ষ্মী বোম্ব’ ৷

উল্লেখ্য যে, অক্ষয় কুমাৰৰ এই ম’ষ্ট ওৱাণ্টেড ছবিখনৰ টীজাৰটোত লক্ষ্মণ নামৰ এগৰাকী ব্যক্তিৰ লক্ষ্মীলৈকে হোৱা লিংগ পৰিৱৰ্তন দৃশ্যাংকণ কৰা হৈছে ৷

ছবিখন যোৱা 9 ছেপ্তেম্বৰত মুক্তি লাভ কৰাৰ কথা আছিল যদিও কৰ’ণা মহামাৰীৰ বাবে পৰিচালকে মুক্তি লাভৰ সময়সীমা স্থগিত ৰাখে ৷ ‘লক্ষ্মী বোম্ব’ত অক্ষয় কুমাৰৰ বিপৰীতে দেখা পাব অভিনেত্ৰী কিয়াৰা আদৱানীক ৷

লগতে পঢ়ক: ভয়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত মান্যতা দত্তৰ অনুপ্ৰেৰণামূলক প'ষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.