ETV Bharat / sitara

"বেল বুটাম"ত অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰিব বাণী কাপুৰে

author img

By

Published : Jul 2, 2020, 3:35 PM IST

অক্ষয় কুমাৰৰ আহিবলগীয়া ছবি "বেল বুটাম"ত মুখ্য চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী বাণী কাপুৰে ৷ ছবিখনত অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰাৰ সুযোগ লাভ কৰি যথেষ্ট ৰোমাঞ্চিত হৈ পৰিছে অভিনেত্ৰীগৰাকী ৷

Akshay Kumar's Bell Bottom finds leading lady in Vaani Kapoor
ছবি বেল বুটামত অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰিব বাণী কাপুৰে

চিটাৰা ডেস্ক,2 জুলাইঃ অভিনেত্ৰী বাণী কাপুৰে তেওঁৰ আহিবলগীয়া অনুসন্ধানমূলক ছবি বেল বুটামত অভিনয় কৰিব চুপাৰষ্টাৰ অক্ষয় কুমাৰৰ সৈতে ৷

এই সন্দৰ্ভত বাণী কাপুৰে কয়, " মই অক্ষয় ছাৰৰ সৈতে স্ক্ৰীণত একেলগে অভিনয় কৰিবলৈ যথেষ্ট ৰোমাঞ্চিত হৈ আছো ৷ মই সমগ্ৰ টিমটোৰ সৈতে কাম কৰিবলৈ ৰোমাঞ্চিত হৈ আছো ৷ তেওঁলোকে প্ৰথমেই আমাৰ ছবিখনৰ আৰম্ভণি ক্ষণত মই ঘৰত থকাৰ দৰেই অনুভৱ কৰাই দিছে ৷ আশা কৰিছো এই উৎসাহ স্ক্ৰীণত অতি সুন্দৰভাৱে প্ৰতিফলিত হ'ব ৷"

ছবিখনৰ কাহিনীটো 1980 চনৰ সঁচা ঘটনাৰ দ্বাৰা অনুপ্ৰেৰিত হৈছে ৷ ৰঞ্জিত এম. তিৱাৰীৰ দ্বাৰা নিৰ্দেশিত এই ছবিখনৰ কাম এই বছৰৰ শেষৰ ফালে আৰম্ভ হ'ব ৷ এই ছবিখনৰ কাহিনী লিখিছে অসীম অৰোৰা আৰু পাৰৱেজ শেখে ৷

2021 চনৰ 2 এপ্ৰিল তাৰিখে বেলবুটাম ছবিখন মুক্তি লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে ছবিখনৰ নিৰ্মাতাই ৷

লগতে পঢ়কঃকিয় শান্তি অনুভৱ কৰিছে আমিৰ খানে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.