চিটাৰা ডেস্ক, 5 এপ্ৰিল: ভূমি পেডনেকাৰ আৰু অক্ষয় কুমাৰৰ পাছতে ক'ভিড-19 ত আক্ৰান্ত অভিনেতা বিকি কৌশল ৷ সোমবাৰে বলিউদৰ অভিনেতা গৰাকীয়ে ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ কথা সদৰী কৰাৰ লগতে তেওঁ বৰ্তমান হোম কোৱাৰেন্টাইনত আছে বুলি জানিবলৈ দিয়ে ৷
সকলো সাৱধানতা অৱলম্বন কৰা স্বত্বেও ক'ভিড-19 আক্ৰান্ত হোৱাৰ কথা জানিবলৈ দি 32 বৰ্ষীয় অভিনেতা গৰাকীয়ে ইনষ্টাগ্ৰাম পেজযোগে এইবুলি কয়, "Inspite of all care and precautions, unfortunately, I have tested positive for COVID-19. Following all essential protocols, I am under home quarantine, taking medication as prescribed by my doctor,"
- " class="align-text-top noRightClick twitterSection" data="
">
সোমবাৰে ভূমি পেডনেকাৰে তেওঁ ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ কথা সদৰী কৰিছিল ৷ ধৰ্ম প্ৰডাকশ্যনৰ বেনাৰত শশাংক খাইটান প্ৰযোজিত মিষ্টাৰ লেলেৰ বাবে দুয়োগৰাকীয়ে মুম্বাইত শ্বুটিঙত ব্যস্ত আছিল বুলি জানিব পৰা গৈছে ৷ তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে অভিনেতা গৰাকীয়ে পৰীক্ষা কৰোৱাৰ বাবেও আহ্বান জনাইছে ৷
লগতে পঢ়ক: কৰ'ণাত আক্ৰান্ত বলীউড ছুপাৰষ্টাৰ গোবিন্দা