চিটাৰা ডেস্ক, ২৫ ডিচেম্বৰ: তামিল ছবি 'বিক্ৰম বেধা'ৰ হিন্দী ৰিমেকত অভিনয় কৰাৰ পৰা বিৰত থাকে মিষ্টাৰ পাৰফেক্টচনিষ্ট আমিৰ খানে । ছবিখনত আমিৰ খানে অভিনয় নকৰাত তামিল ক্ৰাইম থ্ৰিলাৰ 'বিক্ৰম বেধা'ত গেংষ্টাৰৰ চৰিত্ৰত অভিনয় কৰে ঋত্বিক ৰোচনে । ইয়াৰোপৰি ছবিখনত এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে চেইফ আলী খানে ।
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখ্য যে 'বিক্ৰম বেধা'ৰ হিন্দী ৰিমেকত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছিল আমিৰ খান । কিন্তু পৰৱৰ্তী সময়ত ছবিখনৰ কাহিনীত অসন্তুষ্টি প্ৰকাশ কৰি বিদায় লয় আমিৰ খানে । আমিৰ খানৰ বিদায়ৰ পাচত ছবিখনৰ পৰিচালক পুস্কৰ গয়াথ্ৰীয়ে সন্ধান চলাইছিল বলিউডৰ নামী-দামী তাৰকাৰ । কেবামাহৰ বিৰতিৰ অন্তত ঋত্বিক ৰোচনে এই ছবিখনত অভিনয়ৰ সুযোগ পাইছে ।
- " class="align-text-top noRightClick twitterSection" data="">
এগৰাকী আৰক্ষী বিষয়াৰ জীৱন প্ৰণালী কিদৰে সলনি কৰিব পাৰে তাৰ ওপৰত আধাৰিত এই ছবিখন । এইখিনিতে উল্লেখ কৰা ভাল যে 'বিক্ৰম বেধা'ৰ হিন্দী ৰিমেকত অভিনয়ৰ বাবে প্ৰথমে শ্বাহৰুখ খানৰে চুক্তিবদ্ধ হৈছিল । কাৰণৱশত: তেওঁ এই ছবিখনত অভিনয় কৰিব নোৱাৰিলে যাৰবাবে আমিৰ খানে অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছিল ।
লগতে পঢ়ক: বৰদিনৰ শুভেচ্ছা জ্ঞাপন বলিউডৰ তাৰকাৰ