ETV Bharat / sitara

2021 ত পুনৰ বলিউডলৈ উভতিব অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী

author img

By

Published : Jan 1, 2021, 1:11 PM IST

‘বিগত বৰ্ষতো ৰিয়াৰ বাবে যথেষ্ট কষ্টকৰ আছিল ৷ অৱেশ্য এই বছৰটো সকলোৰে বাবে বেয়া আছিল কিন্তু ৰিয়াৰ ক্ষেত্ৰত মানসিক আঘাতটো অন্য পৰ্যায়ৰ আছিল ৷ আপুনি কেতিয়াবা অনুভৱ কৰিছেনে এটি মধ্যবিত্ত পৰিয়ালৰ এজনী ছোৱালীয়ে এটা মাহ কাৰাগাৰত পাৰ কৰিছে? ইয়ে তাইৰ মনোবলক সম্পূৰ্ণৰূপে ধ্বংস কৰিছে ৷ ইয়াৰ পিছতো আগন্তুক বৰ্ষৰ আৰম্ভনিতে নিজ কৰ্মক্ষেত্ৰলৈ উভটিব ৰিয়া ৷’ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী সন্দৰ্ভত এই মন্তব্য কৰে ছবি নিৰ্মাতা ৰুমী জেফ্ৰীয়ে ৷

After a straining 2020, Rhea Chakraborty to bounce back in new year
2021 পুনৰ বলিউডলৈ উভটিব অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী

চিটাৰা,1 জানুৱাৰী: নৱবৰ্ষত পুনৰ বলিউডত খোজ পেলাবলৈ সাজু অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী ৷ সম্প্ৰতি অভিনেত্ৰী গৰাকীক প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু সনদৰ্ভত এন চি বি, ই ডি আৰু চি বি আইৰ দ্বাৰা জেৰা চলাই ৰখা হৈছে ৷ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত আৰু অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ঘনিষ্ঠ বন্ধু ছবি নিৰ্মাতা ৰুমি জেফ্ৰীয়ে জনায় যে, চলিত বৰ্ষৰ আৰম্ভণিতে পুনৰ বলিউডলৈ উভটিব ৰিয়া ৷

এক ৱেবলইডত মন্তব্য কৰি ৰুমীয়ে কয়, ‘বিগত বৰ্ষতো ৰিয়াৰ বাবে যথেষ্ট কষ্টকৰ আছিল ৷ অৱেশ্য এই বছৰটো সকলোৰে বাবে বেয়া আছিল কিন্তু ৰিয়াৰ ক্ষেত্ৰত মানসিক আঘাতটো অন্য পৰ্যায়ৰ আছিল ৷ আপুনি কেতিয়াবা অনুভৱ কৰিছেনে এটি মধ্যবিত্ত পৰিয়ালৰ এজনী ছোৱালীয়ে এটা মাহ কাৰাগাৰত পাৰ কৰিছে? ইয়ে তাইৰ মনোবলক সম্পূৰ্ণৰূপে ধ্বংস কৰিছে ৷ ইয়াৰ পিছতো আগন্তুক বৰ্ষৰ আৰম্ভনিতে নিজ কৰ্মক্ষেত্ৰলৈ উভটিব ৰিয়া ৷’

ৰিয়া সন্দৰ্ভত মন্তব্য কৰি ৰুমীয়ে আৰু কয়, ‘মই কিছুদিন পূৰ্বে ৰিয়াক সাক্ষাৎ কৰিছো ৷ তাই মৌন হৈ পৰিছে ৷ বেছি কথা কোৱা নাই ৷ যি পৰিস্থিতিৰে তাই পাৰ হৈছে তাৰ পিছত তাইক দোষাৰোপ কৰাটো ভুল হ’ব ৷ এই সকলো উষ্ণতা আৰু ধূলি শান্ত হ’বলৈ দিয়ক ৷ মই নিশ্চিত ৰিয়াৰ ক’বলগীয়া বহুত আছে ৷’

উল্লেখ্য যে, ৰুমী জেফ্ৰীৰ আগন্তুক থ্ৰিলাৰ ‘ছেহৰে’ত দেখিবলৈ পোৱা যাব অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক ৷ এই ছবিখনে শেহতীয়াকৈ ইমৰাণ হাছমী আৰু অমিতাভ বচ্চনৰ বাবে শিৰোনাম দখল কৰিছিল ৷ ইয়াৰ উপৰিও ৰিয়া আৰু সুশান্তৰ সৈতে এখন ছবি নিৰ্মানৰ পৰিকল্পনা কৰিছিল ৰুমীয়ে ৷ কিন্তু সুশান্তৰ আকস্মিক মৃত্যুৰ পিছত নিৰ্মাতা গৰাকীয়ে ছবিখন নিৰ্মান কৰিবলৈ অপ্ৰস্তুত হয় ৷ কিয়নো ছবিৰ কাহিনীভাগ তেওঁ প্ৰয়াত অভিনেতা গৰাকীকে মনত ৰাখি ৰচনা কৰিছিল ৷

লগতে পঢ়ক-এইবেলি অনাড়ম্বৰপূৰ্ণ জন্মদিন উদযাপন কৰিব অক্ষয় অ’বেৰয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.