নিউজ ডেস্ক, 30 ছেপ্টেম্বৰঃ মৰাঠী তথা বলিউড ছবিৰ বয়োজ্যেষ্ঠ অভিনেতা বিজু খোটেৰ দেহাৱসান ৷ সোমবাৰে পুৱা দেহ ত্যাগ কৰে অভিনেতা গৰাকীয়ে ৷ মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল 78 বছৰ ৷
হাস্যৰসিক অভিনয়ৰ বাবে বিশেষভাবে জনপ্ৰিয় আছিল অভিনেতা গৰাকী ৷ 90 দশকৰ জনপ্ৰিয় ছবি 'SHOLEY' ত কালিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল বিজু খোটে ৷ তাৰোপৰি "কিতনে আদমী থে ?" "চৰকাৰ দো"- এই জনপ্ৰিয় সংলাপেৰে অনুৰাগীৰ প্ৰসংশা বুটলিবলৈ সক্ষম হৈছিল বিজু খোটে ৷
আনুমানিক ছয়টা দশকত 'ফিৰ হেৰা ফেৰী' 'আন্দাজ অপনা অপনা' ৰ উপৰিও প্ৰায় 300 ৰো অধিক ছবিত অভিনয় কৰিছে অভিনেতা গৰাকীয়ে ৷
মঞ্চ বিশেষজ্ঞ নন্দু খোটে আৰু দুৰ্গা খোটেৰ পুত্ৰ বিজু খোটে 1964 চনত 'মলক' ছবি জৰিয়তে বলিউডত আত্মপ্ৰকাশ কৰিছিল ৷ আনহাতে অভিনেতা গৰাকী অভিনীত অন্তিম ছবিকেইখন হ'ল 'জানে ক্যো য়াৰা মে দেখ গয়া থা', 'গোলমাল-3', 'অথিতি তুম কব জাওগে', 'অজৱ প্ৰেম কী গজৱ কাহিনী' ৷
জনপ্ৰিয় অভিনেতা গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বি-টাউনবাসীয়ে ৷ ঋষি কাপুৰ, অজয় দেৱগন, মাধুৰী দীক্ষিত নেনে, পৰেশ ৰাৱাল, অভিষেক বচ্চনকে ধৰি বহু কেইজন জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে শোক প্ৰকাশ কৰে ৷