চিটাৰা ডেস্ক, ৩ নৱেম্বৰ: সহকৰ্মীক নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল অভিনেতা বিজয় ৰাজ। তেওঁৰ লগতে কৰ্মৰত এগৰাকী যুৱতীয়ে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছিল বিজয় ৰাজৰ বিৰুদ্ধে। এই গোচৰৰ ভিত্তিতে মহাৰাষ্ট্ৰ গ'ণ্ডিয়া জিলাৰ ৰামপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিনেতাগৰাকীক। গোলাব' ছিতাব' ছবিৰ অভিনেতাগৰাকীক মঙলবাৰে গ'ণ্ডিয়াৰ স্থানীয় আদালতত হাজিৰ কৰোৱা হয়।
এই সন্দৰ্ভত অধিক তথ্য প্ৰকাশৰ পৰা বিৰত আছে আৰক্ষী। বিজয় ৰাজ থকা হোটেলত সংবাদ কৰ্মীৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। শেহতীয়াকৈ বিজয় ৰাজে বিদ্যা বালানৰ আগন্তুক ছবি 'শ্বেৰাণী' ছবিত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে। তেওঁ মধ্যপ্ৰদেশৰ বালাঘাটত ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছিল। আৰক্ষীয়ে গ'ণ্ডিয়া জিলাৰ দুখন হোটেলত অনুসন্ধান চলায়। দৃশ্যগ্ৰহণ চলি থকা দিনকেইটাত তেওঁ এই হোটেলকেইখনতে বাহৰ পাতে।
লগতে পঢ়ক:গৃহ চহৰত দৃশ্যগ্ৰহণ চলি থকা স্বত্বেও কিয় নিজৰ বাসগৃহত নাই আয়ুষ্মান খুৰানা ?