ETV Bharat / sitara

Happy Birthday Raj Kapoor : মেৰা নাম জ’কাৰৰ আঁৰৰ ব্যক্তিগৰাকীলৈ ওপজাদিনত শ্ৰদ্ধাঞ্জলি

author img

By

Published : Dec 14, 2021, 11:22 AM IST

দেশৰ কোটি কোটি জনতাৰ হৃদয়ত সুকীয়া স্থান অধিকাৰ কৰি থকা বলীউডৰ অভিনেতা ৰাজ কাপুৰৰ আজি ওপজাদিন(Happy Birthday Raj Kapoor) ৷ ভাৰতীয় চিনেমাৰ সৰ্বশ্ৰেষ্ঠ 'শ্ব'মেন' হিচাপে পৰিচিত ৰাজ কাপুৰে ভাৰত চৰকাৰৰ তৰফৰ পৰা লাভ কৰিছিল পদ্মভূষণ আৰু দাদাচাহেব ফাল্কে বঁটা ৷

actor-raj-kapoor-turns-97-today
মেৰা নাম জ’কাৰৰ আঁৰৰ ব্যক্তিগৰাকীলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি

নিউজ ডেস্ক, 14 ডিচেম্বৰ : ভাৰতীয় চিনেমাৰ সৰ্বশ্ৰেষ্ঠ 'শ্ব'মেন' হিচাপে পৰিচিত ৰাজ কাপুৰৰ আজি 97 সংখ্যক জন্মদিন ৷ 1988 চনত 63 বছৰ বয়সত মৃত্যুবৰণ কৰা ৰাজ কাপুৰে তেওঁৰ অভিনয়ৰ বাবে যিমান প্ৰশংসিত, সিমানেই "ববি" আৰু "সংগম"ৰ দৰে চলচ্চিত্ৰ পৰিচালনাৰ বাবেও প্ৰশংসিত ৷

অভিনেতা পৃথ্বীৰাজ কাপুৰৰ পুত্ৰ ৰাজ কাপুৰৰ পৰিয়ালটো পূৰ্বৰে পৰা বিনোদন জগতৰ সৈতে জড়িত আছিল ৷ যিটো পৰিয়ালৰ প্ৰতি প্ৰজন্মৰ কেইবাগৰাকীও সদস্য এই জগতৰ সৈতে জড়িত হৈ আহিছে ৷ ৰাজ কাপুৰৰ ভাতৃ শাম্মী আৰু শশী, পুত্ৰ ঋষি আৰু নাতি-নাতিনী কৰীণা আৰু ৰণবীৰ বলীউডৰ সৈতে জড়িত ৷

actor-raj-kapoor-turns-97-today
Source : ইণ্টাৰনেট

1924 চনৰ 14 ডিচেম্বৰত পেছাৱাৰত ৰাজ কাপুৰৰ জন্ম হৈছিল ৷ তেওঁ আৱাৰা, শ্ৰী 420, আগ, বৰসাত, মেৰা নাম জ’কাৰ আৰু সত্যম শিৱম সুন্দৰমৰ দৰে চলচ্চিত্ৰত কৰা অভিনয়ে দৰ্শকক আপ্লুত কৰি তুলিছিল ৷

লগতে চাওক: Harnaaz Sandhu crowned Miss Universe 2021 : 21 বছৰৰ মূৰত ভাৰতীয় সুন্দৰীৰ শিৰত মিছ ইউনিভাৰ্ছৰ খিতাপ

ৰাজ কাপুৰে কেৰিয়াৰৰ আৰম্ভণি কৰিছিল 10 বছৰ বয়সত ৷ 1935 চনত মুক্তি লাভ কৰা ইনকিলাব নামৰ ছবিখনত অভিনয় কৰে তেওঁ ৷ 12 বছৰৰ পিছত সেই সময়ৰ জনপ্ৰিয় অভিনেত্ৰী মধুবালাৰ বিপৰীতে নীলকমলত অভিনয় কৰে ৷

ৰাজ কাপুৰৰ বয়স মাত্ৰ 24 বছৰ আছিল, যেতিয়া তেওঁ আৰ কে ষ্টুডিঅ' প্ৰতিষ্ঠা কৰিছিল ৷ 1949 চনত দিলীপ কুমাৰ আৰু নাৰ্গিছৰ সৈতে আন্দাজত কৰা অভিনয়ে অভিনেতা হিচাপে ৰাজ কাপুৰক প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল ৷ সম্ভৱতঃ ৰাজ কাপুৰৰ সৰ্বাধিক জনপ্ৰিয় ছবি হৈছে 1970 চনৰ মেৰা নাম জ’কাৰ ৷ যিখনত তেওঁ পৰিচালনা, প্ৰযোজনা কৰাৰ লগতে ৰাজু দ্য ক্লাউন হিচাপে অভিনয়ো কৰিছিল ৷ মেৰা নাম জ’কাৰে যেতিয়া মুক্তি লাভ কৰিছিল, তেতিয়া কিন্তু ব্যৱসায়িকবাৱে বিফলতাৰ মুখ দেখিছিল ছবিখনে ৷

চলচিত্ৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাজ কাপুৰে ভাৰত চৰকাৰৰ তৰফৰ পৰা লাভ কৰিছিল পদ্মভূষণ আৰু দাদাচাহেব ফাল্কে বঁটা ৷ তদুপৰি তেওঁ পাইছিল তিনিটাকৈ ৰাষ্ট্ৰীয় বঁটা, 11 টা ফিল্মফেয়াৰ বঁটা ৷

লগতে চাওক: Miss Universe 2021 : কোন এই হৰনাজ সন্ধু ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.