ETV Bharat / sitara

'নেশ্য়নেল স্কুল অৱ ড্ৰামা'ৰ অধ্যক্ষৰ পদত পৰেশ ৰাৱাল

author img

By

Published : Sep 11, 2020, 5:17 AM IST

নেশ্য়নেল স্কুল অৱ ড্ৰামাৰ শীৰ্ষ পদত অধিষ্ঠিত হ'ল পৰেশ ৰাৱাল ৷ বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে পৰেশ ৰাৱালক স্কুলখনৰ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰে ৷

ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ নিযুক্তি প্ৰদান
'নেশ্য়নেল স্কুল অৱ ড্ৰামা'ৰ অধ্যক্ষৰ পদত পৰেশ ৰাৱাল

ছিটাৰা ডেস্ক, 11 ছেপ্তেম্বৰ : বৃহস্পতিবাৰে দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে প্ৰবীণ অভিনেতা পৰেশ ৰাৱালক নেশ্যনেল স্কুল অৱ ড্ৰামাৰ (NSD) নতুন অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰিছে ৷ স্কুলখনে এক টুইটাৰৰ জৰিয়তে এই কথা ঘোষণা কৰে ৷

NSD য়ে কৰা টুইট অনুসৰি, "আমি জনাবলৈ পাই সুখী যে, দেশৰ সন্মানীয় ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে প্ৰখ্যাত অভিনেতা তথা পদ্মশ্ৰী সন্মানপ্ৰাপ্ত পৰেশ ৰাৱালক নেশ্যনেল স্কুল অৱ ড্ৰামাৰ অধ্যক্ষ হিচাপে নিযুক্ত কৰিছে ৷ NSD য়ে শীৰ্ষতা অৰ্জনৰ দিশত এই গৰাকী মহান ব্যক্তিৰ পৰামৰ্শ লাভ কৰিবলৈ তেওঁক আদৰণি জনাইছো ৷"

প্ৰখ্যাত থিয়েটাৰ শিল্পী অৰ্জুন ডিঅ' চৰণৰ পৰা এই পদ দখল কৰিব পৰেশ ৰাৱালে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.