ETV Bharat / sitara

অভিষেক বচ্চনে কিয় নকৰে অন্তৰংগ মূহুৰ্ত থকা চিনেমা ?

author img

By

Published : Jun 28, 2020, 5:34 PM IST

এইকেইদিন ডিজিটেল ডেবিউ 'ব্ৰীডঃ ইন দ্য চেড'ৰ বাবে যথেষ্ট চৰ্চিত হৈ আছে অভিষেক বচ্চন ৷ অভিনেতাগৰাকীয়ে কিছুদিনৰ পূৰ্বে হোৱা এক সাক্ষাৎকাৰত প্ৰকাশ কৰে যে,তেওঁ অন্তৰংগ মূহুৰ্ত থকা চিনেমা গ্ৰহণ নকৰা সিদ্ধান্তৰ বাবেই হাতৰ পৰা হেৰুৱাই দিছিল বহু চিনেমা ৷ কন্যা সন্তান আৰাধ্যা তেওঁৰ জীৱনলৈ অহাৰ পিছতে তেওঁ গ্ৰহণ কৰিছিল এই সিদ্ধান্ত ৷ তেওঁৰ মতে এগৰাকী পিতৃ হোৱাৰ পিছতে তেওঁ নিজৰ চিন্তাধাৰাৰ দৃষ্টিকোণ সলনি কৰে ৷

Abhishek Bachchan talks about his no-intimate-scene policy
অভিষেক বচ্চন

চিটাৰা ডেস্ক,28জুনঃ বলীউড অভিনেতা অভিষেক বচ্চনে জেপি দত্তৰ ছবি ৰিফিউজীৰ দ্বাৰা বলীউড জগতত পদাৰ্পণ কৰিছিল ৷ বলীউড ক্ষেত্ৰখনত অভিনেতাগৰাকীয়ে সম্পূৰ্ণ কৰিলে সুদীৰ্ঘ 20 বছৰ ৷

Abhishek Bachchan talks about his no-intimate-scene policy
কন্য আৰাধ্যাৰ সৈতে অভিষেক বচ্চন

শেহতীয়াকৈ এটা বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানত বলীউড অভিনেতা অভিষেক বচ্চনে নিজৰ পেচাগত কথাৰ পৰা ব্যক্তগত কথালৈকে বহুখিনি কথাই শ্বেয়াৰ কৰে ৷ তেওঁক সোধা হৈছিল যে,আৰাধ্যাৰ পিতৃ হোৱাৰ পিছত তেওঁৰ জীৱনত কি কি সলনি হ'ল ?

তেতিয়া তেওঁ প্ৰত্যুত্তৰত কৈছিল, "এটা কথা যথেষ্ট সলনি হ'ল ৷ ইয়াৰ মাজতে কিছুমান এনেকুৱা ছবি আৰু দৃশ্য আছিল যিবোৰ কৰিবৰ বাবে মই সহস হ'ব পৰা নাছিলো ৷ মই এনেকুৱা একো কৰিব বিচৰা নাছিলো যিটোত মোৰ ছোৱালীয়ে অসহজ অনুভৱ কৰে বা ইয়াক লৈ মোক কিবা প্ৰশ্ন কৰিব নোৱাৰে যে -ইয়াত কি চলি আছে বুলি ৷"

লগতে কয়,"মই এনেকুৱা অন্তৰংগ মূহুৰ্ত কৰিবৰ বাবে অসহজ অনুভৱ কৰো ৷ সেয়ে মই এনেকুৱা দৃশ্য কৰাৰ বাবে স্পষ্টকৈ মানা কৰো ৷ ছবিখনত স্বাক্ষৰ কৰাৰ আগতেই মই পৰিচালকক এইটো স্পষ্টকৈ জনাই দিওঁ যে, ছবিত যদি তেনেকুৱা অন্তৰংগ মূহুৰ্ত আছে সেয়া কৰিবৰ বাবে মই প্ৰস্তুত নহয় ৷ যদি অন্তৰংগ মূহুৰ্তটো ছবিখনৰ অভিন্ন অংগ হয় আৰু কৰাটো একেবাৰে জৰুৰী তেতিয়া মই প্ৰথমেই ছবিখন কৰাৰ বাবে মানা কৰি দিওঁ ৷ এইটো কাৰণতে বহুত কেইখন ছবি মোৰ হাতৰ পৰা ওলাই গৈছে ৷ কিন্তু ইয়াৰ বাবে মোৰ অলপো আপচোচ নাই ৷"

লগতে পঢ়কঃঅডিচনত কেতিয়াও বিফল নোহোৱা সুশান্তক গভীৰ শ্ৰদ্ধাঞ্জলী মুকেশ ছাৱৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.