ETV Bharat / sitara

চুপাৰষ্টাৰ ৰজনীকান্তলৈ দাদা চাহেব ফাল্কে বঁটা

author img

By

Published : Oct 25, 2021, 2:16 PM IST

ভাৰতীয় ছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ'ল তামিল চুপাৰষ্টাৰ ৰজনীকান্তক । ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত এই সন্মানীয় বঁটাটি গ্ৰহণ কৰে ৭০ বছৰীয়া অভিনেতাগৰাকীয়ে । ১৯৭৫ চনৰ পৰা এই পৰ্যন্ত অভিনেতাগৰাকীয়ে অব্যাহত ৰাখিছে অভিনয়ৰ জয় যাত্ৰা ।

Rajinikanth conferred with Dadasaheb Phalke Award
চুপাৰষ্টাৰ ৰজনীকান্তলৈ 'দাদা চাহেব ফাল্কে বঁটা'

চিটাৰা ডেস্ক, ২৫ অক্টোবৰ : দক্ষিণ ভাৰতীয় ছবি জগতৰ চুপাৰষ্টাৰ ৰজনীকান্তলৈ আগবঢ়োৱা হৈছে সন্মানীয় 'দাদা চাহেব ফাল্কে বঁটা' । যি গৰাকী অভিনেতাৰ কৰ্মস্পৃহা বয়সে হ্ৰাস কৰিব পৰা নাই, যাৰ ছবি মুক্তি লাভ কৰাৰ পূৰ্বে অনুৰাগীয়ে তেওঁৰ প্ৰতিচ্ছবিত গাখীৰ ঢালি আনন্দ প্ৰকাশ কৰে, সেইগৰাকী অভিনেতাক ৫১ সংখ্যক 'দাদা চাহেব ফাল্কে বঁটা'ৰে সন্মানিত কৰা হৈছে ।

৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত তেওঁক এই বঁটাটি প্ৰদান কৰা হয় । ভাৰতীয় ছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ৭০ বছৰীয়া অভিনেতাগৰাকীক এই বঁটা প্ৰদান কৰা হৈছে ।

ইতিমধ্যে দক্ষিণৰ ছবি জগতৰ লগতে বলীউডৰ ছবিতো অভিনয়ৰ যাদু দেখুৱাই লাখ লাখ দৰ্শকৰ হৃদয়ক স্থান দখল কৰিবলৈ সক্ষম হৈছে । তেওঁৰ কামৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ইতিমধ্যে পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছে । ১৯৭৫ চনত কে বালাচন্দৰৰ ৰোমাণ্টিক ছবি 'অপূৰ্ব ৰাগাংগল'ৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল । তামিল ছবি উদ্যোগত ৪৫ বছৰতকৈও অধিক সময় কাম কৰিছে অভিনেতাগৰাকীয়ে ।

উল্লেখ্য যে, ২০১৯ চনৰ দাদা চাহেব ফাল্কে বঁটা যোৱা বছৰেই ঘোষণা কৰিব লাগিছিল । কিন্তু ক'ভিড-১৯ মহামাৰীৰ বাবে স্থগিত ৰখা হৈছিল ।

ছবি উদ্যোগলৈ আগবঢ়োৱা বহুমূলীয়া অৱদানক স্বীকৃতি হিচাপে ছবি জগতৰ সৰ্বোচ্চ সন্মান 'দাদা চাহেব ফাল্কে বঁটা' চৰকাৰে প্ৰদান কৰে । ২০১৮ চনত মেগাষ্টাৰ অমিতাভ বচ্চনক এই বঁটাৰে সন্মানিত কৰা হৈছিল । ১৯৯১ চনত নিৰ্মিত এখন এক্সন-ড্ৰামাৰে ভৰপুৰ ছবিত ৰজনীকান্তৰ সৈতে একেখন স্ক্ৰীণতে দেখা পোৱা গৈছিল অমিতাভক ।

শেষবাৰৰ বাবে এ আৰ মুৰুগাডছৰ 'দৰবাৰ' শীৰ্ষক ছবিখনত দেখা পোৱা গৈছিল ৰজনীকান্তক । শীঘ্ৰেই বহু প্ৰত্যাশিত ছবি আন্নাথেত মুখ্য চৰিত্ৰত দেখা পোৱা যাব ৰজনীকান্তক । দক্ষিণ ভাৰতীয় ছবি পৰিচালক শিৱৰ দ্বাৰা পৰিচালিত ছবিখনত নয়নতৰা, কীৰ্তি সুৰেশ, খুছবু আৰু প্ৰকাশৰাজে অভিনয় কৰিছে ।

লগতে পঢ়ক: সোমবাৰে পুনৰ NCB ৰ সন্মুখত হাজিৰ হ'ব অনন্যা পাণ্ডে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.