ETV Bharat / sitara

49th International Emmy Awards : বঁটা লাভত ব্যৰ্থ নৱাজুদ্দিন ছিদ্দিকী,আৰ্য়া, বীৰ দাস

অভিনেতা নৱাজুদ্দিন ছিদ্দিকী (Nawazuddin Siddiqui), ৰাম মাধৱানীৰ ‘Aarya’, হাস্যৰসিক টেলিভিশ্বন শ্ব’ ‘Vir Das: For India’ই 49 সংখ্যক আন্তৰ্জাতিক এমী এৱাৰ্ডছ (49th International Emmy Awards) লাভ কৰাত ব্যৰ্থ হয় । মুঠ 11 টা শিতানত প্ৰদান কৰা হৈছে চলিত বৰ্ষৰ এমী এৱাৰ্ডছ (Emmy Awards 2021) ৷

author img

By

Published : Nov 23, 2021, 7:09 PM IST

International Emmy Awards winners list
আন্তৰ্জাতিক এমী এৱাৰ্ডছৰ বিজয়ীৰ তালিকা

চিটাৰা ডেস্ক, 23 নৱেম্বৰ : সোমবাৰে নিশা নিউয়ৰ্ক চহৰৰ কাছা কিপ্ৰিয়ানিত সমাপ্ত হয় 49 সংখ্যক আন্তৰ্জাতিক এমী এৱাৰ্ডছ (49th International Emmy Awards) অনুষ্ঠান ৷ অৱশ্যে চলিত বৰ্ষত এই বঁটা (Emmy Awards 2021) প্ৰদান অনুষ্ঠানত বলীউডে সফলতা লাভ কৰিব নোৱাৰিলে ৷

অভিনেতা নৱাজুদ্দিন ছিদ্দিকী (Nawazuddin Siddiqui) য়ে ‘Best Performance by an Actor category’ত স্কটিছ অভিনেতা ডেভিদ টেনাণ্ট(David Tennant) ৰ হাতত পৰাজয়বৰণ কৰিবলগীয়া হয় ৷ ‘The International Emmy for Drama Series’ শিতানত ৰাম মাধৱানীৰ ‘Aarya’ৰ স্থান দখল কৰি এই বঁটা লাভ কৰে ইজৰাইলী স্পাই থ্ৰীলাৰ ‘Tehran’য়ে ৷

ফৰাছী কমেডী টেলিভিশ্বন শ্ব’ ‘Call My Agent: Season 4’ৰ বিপৰীতে মনোনীত হৈছিল ভাৰতীয় টেলিভিশ্বন কমেডী শ্ব’ ‘Vir Das: For India’ ৷ উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰৰ দেশসমূহৰ চলচ্চিত্ৰ, চিৰিজ আদিক সন্মানিত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হয় এই আন্তৰ্জাতিক এমী এৱাৰ্ডছ । চলিত বৰ্ষত এমী এৱাৰ্ডছ 11 টা শিতানত প্ৰদান কৰা হয় ৷ বঁটাৰ বাবে 24 খন দেশৰ অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলীক মনোনীত কৰা হয় ৷

49 সংখ্যক আন্তৰ্জাতিক এমী এৱাৰ্ডছত বিজয়ীসকলৰ সম্পূৰ্ণ তালিকা...

Best Performance By An Actress - Adult Material (ইংলেণ্ড)ৰ বাবে Hayley Squires

Best Performance By An Actor - Des (ইংলেণ্ড)ৰ বাবে David Tennant

Comedy - Call My Agent Season 4 (ফ্ৰান্স)

Documentary - Hope Frozen: A Quest To Live Twice (থাইলেণ্ড)

Drama Series - Tehran (ইজৰাইল)

Non-English Language U.S. Primetime Program - 21 সংখ্যক Annual Latin GRAMMY Awards (আমেৰিকা যুক্তৰাষ্ট্ৰ)

Non-Scripted Entertainment - The Masked Singer (ইংলেণ্ড)

Short-Form Series - INSiDE (নিউজিলেণ্ড)

The Masked Singer (ইংলেণ্ড)

Telenovela - The Song Of Glory (চীন)

TV Movie / Mini-Series - Atlantic Crossing (নৰৱে’)

Arts Programming - Kubrick By Kubrick (ফ্ৰান্স)

লগতে পঢ়ক : Happy Birthday Naga Chaitanya : অভিনেতাগৰাকীৰ পাঁচখন শ্ৰেষ্ঠ ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.