ETV Bharat / sitara

বিগ বিৰ সম্পৰ্কলৈ অহা অধিক বিপদাশংকা থকা ২৬ জনৰ দেহত পোৱা নগ'ল ক'ভিড-১৯ - শুভেচ্ছা

চুপাৰষ্টাৰ অভিতাভ বচ্চনৰ লগতে পৰিয়ালৰ আন সকল সদস্যৰ সম্পৰ্কলৈ অহা অধিক বিপদাশংকা থকা ২৬জন লোকৰ এজনৰো দেহত অৱশেষত পোৱা নগ'ল ক'ভিড-১৯ৰ ভাইৰাছ । যোৱা দেওবাৰে এই ২৬জন লোকৰ স্বাৱ টেষ্ট কৰা হৈছিল ।

বিগ বিৰ সম্পৰ্কলৈ অহা অধিক বিপদাশংকা থকা ২৬ জনৰ দেহত পোৱা নগ'ল ক'ভিড-১৯
author img

By

Published : Jul 13, 2020, 7:15 PM IST

নিউজ ডেস্ক, ১৩ জুলাই: বলিউড চুপাৰষ্টাৰ অভিতাভ বচ্চনৰ অধিক বিপদাশংকা থকা ২৬জন কৰ্মচাৰীৰ ক'ভিড-১৯ ৰ বাবে কৰা শ্বাৱ টেষ্টৰ ফলাফল নিগেটিভ পোৱা গৈছে । উল্লেখ্য যে,শনিবাৰে বিগ বি আৰু তেওঁৰ পুত্ৰ অভিনেতা অভিষেক বচ্চনৰ দেহত ধৰা পৰিছিল ক'ভিড-১৯ৰ উপস্থিতি । বৰ্তমানেও তেওঁলোকক নানাৱতী হাস্পতালত চিকিৎসা প্ৰদান কৰি থকা হৈছে ।

উল্লেখ্য যে, প্ৰায় ৫৪জনকৈ ব্যক্তি বচ্চন পৰিয়ালৰ সম্পৰ্কলৈ আহিছিল । ইয়াৰে ২৮জন ব্যক্তিয়ে ইতিমধ্যে কোৱাৰেণ্টাইনত আছে। আনহাতে বচ্চন পৰিয়ালৰ বাসগৃহ 'জলসা'ত কৰ্মৰত ২৬জন কৰ্মচাৰীক অধিক বিপদাশংকা থকা বুলি উল্লেখ কৰা হৈছিল ।

বিগ বিৰ প্ৰশংসক ,শুভাকাঙ্খী সকলে পৰিয়ালৰ সকলোৰে মংগলৰ বাবে জনোৱা শুভেচ্ছা,প্ৰাৰ্থনাৰ বাবে কৃতজ্ঞতা জনাই এক টুইটযোগে অমিতাভ বচ্চনে লিখিলে, মোৰ লগতে অভিষেক,ঐশ্বৰ্য তথা নাতিনী আৰাধ্যৰ কাৰণে আপোনালোকে কৰা প্ৰাৰ্থনাৰ মই প্ৰতিক্ৰিয়া জনোৱাতো সম্ভৱ নহ'ব । আপোনালোকৰ মৰম, ভালপোৱা তথা স্নেহৰ বাবে সকলোকে জনাইছো ধন্যবাদ ।

লগতে চাওকঃ আটা,প্লাষ্টিকৰ নে ঘেহুৰ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.