ETV Bharat / sitara

'অৱশেষত ১৪ দিনৰ বনবাসৰ সামৰণি পৰিল'-কাৰ্তিক আৰিয়ান

বলীউড অভিনেতা কাৰ্তিক আৰিয়ানৰ COVID-১৯ ৰ ১৪ দিনীয়া কোৱাৰান্টাইনৰ সামৰণি । ১৪ দিনৰ কোৱাৰান্টাইনৰ অন্তত COVID-১৯ নেগেটিভ ধৰা পৰে ।

কাৰ্তিক আৰিয়ান
কাৰ্তিক আৰিয়ান
author img

By

Published : Apr 5, 2021, 2:04 PM IST

চিটাৰা ডেস্ক, ৫ এপ্ৰিল: বলীউড অভিনেতা কাৰ্তিক আৰিয়ানৰ COVID-১৯ ৰ ১৪ দিনীয়া কোৱাৰান্টাইনৰ সামৰণি । ১৪ দিনৰ কোৱাৰান্টাইনৰ অন্তত COVID-১৯ নেগেটিভ ধৰা পৰে । সোমবাৰে অভিনেতাগৰাকীয়ে তেওঁৰ স্বাস্থ্যৰ খবৰ ছচিয়েল মিডিয়াযোগে প্ৰকাশ কৰে । 'অৱশেষত ১৪ দিনৰ বনবাসৰ সামৰণি পৰিল । শীঘ্ৰেই কামলৈ উভতিব লাগিব' বুলি ছচিয়েল মিডিয়াত পোষ্ট কৰে কাৰ্তিকে । ইয়াৰ পাচতে অনুৰাগীসকলে কাৰ্তিকৰ পোষ্টত অজস্ৰ লাইকেৰে ভৰি পৰে ।

২২ মাৰ্চত অভিনেতাগৰাকীৰ দেহত COVID-১৯ ৰ অৱস্থিতি ধৰা পৰিছিল । কাৰ্তিকৰ হৰৰ-কমেডী পৰৱৰ্তী ছবি ভূল ভূলেয়া-২ ৰ দৃশ্যগ্ৰহণৰ বাবে প্ৰস্তুতি চলাব । ছবিখনত অভিনেতা তাবু আৰু কিয়াৰা আদৱানীয়েও অভিনয় কৰিব । চলিত বৰ্ষৰ নৱেম্বৰ মাহত ছবিখন মুক্তিলাভ কৰিব বুলি আশা কৰা হৈছে ।

কাৰ্তিকৰ উপৰিও শেহতীয়াকৈ গোবিন্দা, অক্ষয় কুমাৰ, পৰেশ ৰাৱল, আলিয়া ভাট, ৰণবীৰ কাপুৰ আৰু ৰোহিত শ্ৰফো COVID-১৯ ত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক: কৰ'ণাত আক্ৰান্ত বলীউড ছুপাৰষ্টাৰ গোবিন্দা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.