নেশ্যনেল ডেস্ক, 13 অক্টোবৰ: গ্ল’বেল টেক জায়ান্ট লেন’ভ’ই বুধবাৰে ঘোষণা কৰে যে লেন’ভ’ ইণ্ডিয়াৰ টেবলেট(Lenovo Tablets) আৰু স্মাৰ্ট ডিভাইচৰ মুৰব্বী হিচাপে সুমতী ছেহগালক নিযুক্তি দিয়া হৈছে (Sumati Sehgal Lenovo Tablets Smart Devices Head)। মুম্বাইৰ নিবাসী ছেহগালে(Sumati Sehgal) স্মাৰ্ট ডিভাইচ, বাণিজ্যিক আৰু গ্ৰাহক টেবলেট ছেগমেণ্টৰ কামত নেতৃত্ব আগবঢ়াব(Visuals, Accessories and Services) ।
সুমতী ছেহগালৰ একাধিক ডমেইনত ১৮ বছৰতকৈ অধিক পেছাদাৰী কৰ্ম অভিজ্ঞতা আছে । Lenovoৰ সৈতে পূৰ্বৰ এচাইনমেণ্টত সুমতিয়ে বিগত দুবছৰ ধৰি কনজিউমাৰ ভিএএছ ব্যৱসায়ৰ নেতৃত্ব দি আহিছে ৷ তেওঁ কয় - "লেনভ'ৰ টেবলেট ব্যৱসায়ৰ নেতৃত্ব দিবলৈ মই অতিশয় উৎসাহিত হৈছো । ই প্ৰতিটো প্ৰজন্মৰ সৈতে এক নিত্য বিকাশশীল প্ৰডাক্ট লাইন যিয়ে আমাৰ গ্ৰাহকৰ আঙুলিৰ মূৰত অত্যাধুনিক প্ৰযুক্তি ৰাখে ৷" সুমতী ছেহগালে লগতে কয় - "মই এটা উৎকৃষ্ট দল আৰু আমাৰ সহযোগিতামূলক পৰিৱেশ তন্ত্ৰৰ সৈতে কাম কৰাৰ বাবে আগ্ৰহী ৷ আমি আমাৰ গুণগত মানৰ সচেতন গ্ৰাহকসকলক এক উচ্চ অভিজ্ঞতা প্ৰদান কৰি যাম । মই এই ব্যৱসায়ক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে আগ্ৰহী ।"
ইয়াৰ পূৰ্বে লেন’ভ’ৰ টেবলেট স্মাৰ্ট ডিভাইচৰ মুৰব্বী সুমতী ছেহগালে গ্ৰাহক পৰ্টফলিঅ’ৰ বাবে পশ্চিমৰ আঞ্চলিক কাৰ্য্যকলাপৰ সফলতাৰে নেতৃত্ব দিছিল । লেন'ভোৰ পূৰ্বে সুমতিয়ে টেলিকম (Airtel) আৰু বেংকিং (HSBC) খণ্ডতো বিভিন্ন বিক্ৰী আৰু বিপণন ভূমিকাত কাম কৰি আহিছে ।
লেন'ভ' ইণ্ডিয়াৰ পৰিচালন সঞ্চালিকা শৈলেন্দ্ৰ কটিয়ালে কয়, “লেন'ভ' ইণ্ডিয়াৰ এই নতুন ভূমিকালৈ সুমতীক আদৰণি জনাই মই আনন্দিত হৈছো । তেওঁৰ পূৰ্বৰ ভূমিকাত তেওঁ ব্যৱসায়টোক ইয়াৰ বিত্তীয় লক্ষ্য পূৰণ কৰাত সহায় কৰিছে । ইয়াৰ লাভজনকতাত অৰিহণা যোগাইছে ।"
লেন’ভ’ ইণ্ডিয়াৰ এমডি শৈলেন্দ্ৰ কটিয়ালে কয় (Shailendra Katyal Managing Director Lenovo India ), “মই নিশ্চিত যে তেওঁৰ বিপণন আৰু বিক্ৰীৰ বৈচিত্ৰময় অভিজ্ঞতা ভাৰতত আমাৰ টেবলেট আৰু স্মাৰ্ট ডিভাইচ ব্যৱসায় আৰু অধিক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত এক মূল্যৱান সম্পদ হ’ব ।”
লগতে পঢ়ক: মহিলা বিজ্ঞান বঁটাৰ বাবে নিৰ্বাচিত ভাৰতীয় বিজ্ঞানী মৈত্ৰেয়ী বৈৰাগকৰ