নিউজ ডেস্ক, 2 আগষ্ট : ইলন মুস্কৰ কোম্পানী স্পেচ এক্সৰ দ্বাৰা মহাকাশলৈ পঠিওৱা মহাকাশযানখনে পৃথিৱীলৈ বুলি উভটনি যাত্ৰা আৰম্ভ কৰিছে ৷ ইন্টাৰনেশ্বনেল স্পেচ চেন্টাৰৰ পৰা দুগৰাকী মহাকাশচাৰী ৰবাৰ্ট বে্নকেন আৰু ডগলাছ হাৰ্লিক লৈ ড্ৰেগন ক্ৰিউ নামৰ মহাকাশযানখনে ইয়াৰ উভটনি যাত্ৰা আৰম্ভ কৰিছে ৷
নাছাৰ প্ৰতিষ্ঠিত মহাকাশচাৰী ডগলাছ আৰু ৰবাৰ্টে স্পেচ এক্সৰ ড্ৰেগন কেপচুলত তিনিগৰাকী অন্য মহাকাশচাৰীক বিদায় দি এই উভটনি যাত্ৰা আৰম্ভ কৰিছে ৷ তেওঁলোকে দেওবাৰে আবেলিৰ ভাগত গাল্ফ অৱ মেক্সিকোত পেৰাচ্যুটৰ সহায়ত অৱতৰণ কৰিব ৷
এয়া 45 বছৰৰ ভিতৰত মহাকাশচাৰীসকলে প্ৰথমবাৰৰ বাবে ভূমিত স্পৰ্শ কৰিব ৷ অৱশ্যে নাছাই প্ৰকাশ কৰা অনুসৰি, ফ্লৰিডাৰ আটলান্টিক উপকূলৰ বতৰ আইছিয়াচ ধুমুহাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'লেও দেশখনৰ বিপৰীত প্ৰান্তৰ পেনচাকোলাত অৱতৰণৰ বাবে সঠিক থাকিব ৷
ইয়াৰ পূৰ্বে আমেৰিকা আৰু ছোভিয়েটৰ যুটীয়া মহাকাশ অভিযান 1975 চনত সম্পন্ন হৈছিল যাক এপলো-চুয়েজ হিচাপে জনা যায় ৷ তাৰ পিচতে এয়া 45 বৰ্ষৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে এইদৰে মহাকাশচাৰীসকলে মহাকাশৰ পৰা ভূমিত অৱতৰণ কৰিব ৷
স্পেচ ষ্টেচনৰ কামাণ্ডাৰ ক্ৰিছ কাছিডে দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ পৰা 430 কিলোমিটাৰ ওপৰত জাহাজৰ বেল বজাই ড্ৰেগনক মহাকাশৰ পৰা বিদায় সম্ভাষন জনায় ৷ ইয়াৰ কিছুসময় পিচতেই কেপছুলটোৱে স্পেচ ষ্টেচনৰ পৰা আঁতৰি আহে ৷
স্পেচ ছ্যাটল যুগৰ অৱসানৰ পিচতেই এয়া হৈছে আমেৰিকাৰ বাবে এক বৃহৎ সাফল্য,কিয়নো দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত আমেৰিকাৰ পৰা যোৱা মহাকাশচাৰীয়ে এইদৰে ভূমিত অৱতৰণ কৰিব ৷
নাছাৰ কেনেডী চেন্টাৰৰ পৰা বে্নকেন আৰু হাৰ্লিক মহাকাশলৈ পঠিওৱা স্পেচ এক্স হৈছে বিশ্বৰ প্ৰথমটো ব্যক্তিগত কোম্পানী ৷ আৰু এতিয়া মহাকাশৰ পৰা সুকলমে উভটি অহাৰ কৃতিত্বৰো অধিকাৰী হ'ব স্পেচ এক্স ৷
লগতে পঢ়কঃ বিহাৰত বানত মৃত্যু 13 জনৰ