ETV Bharat / science-and-technology

অদীতি উৰ্জা সঞ্চৰ অধীনত পৰিৱেশ অনুকূল ৰন্ধন গেছ ছিলিণ্ডাৰ মুকলি - ড৹ টি ৰাজা

কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষ বৰ্ধনে ভিডিঅ' কনফাৰেন্সযোগে পৰিৱেশ অনুকূল ডিমেথাইল ইথাৰযুক্ত ৰন্ধনগেছ ছিলিণ্ডাৰ মুকলি কৰে ৷ অদীতি উৰ্জা সঞ্চৰ অধীনত ছিলিণ্ডাৰটো মুকলি কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে ছিলিণ্ডাৰৰ লগতে মেক ইন ইণ্ডিয়াৰ দ্বাৰা নিৰ্মিত ইয়াৰ বাৰ্ণাৰো আঁচনিৰ হিতাধিকাৰীসকলক কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷

অদীতি উৰ্জা সঞ্চৰ অধীনত পৰিৱেশ অনুকূল ৰন্ধন গেছ ছিলিণ্ডাৰ মুকলি

author img

By

Published : Oct 22, 2020, 1:39 PM IST

Updated : Feb 16, 2021, 7:31 PM IST

নিউজ ডেস্ক, 22 অক্টোবৰ : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে বৃহস্পতিবাৰে উদ্বোধন কৰে পৰিৱেশ অনুকূল ডিএমই যুক্ত অদীতি উৰ্জা সঞ্চৰ অধীনত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিবলগীয়া ৰন্ধন গেছৰ ছিলিণ্ডাৰ ৷ প্ৰাৰম্ভিক ব্যৱহাৰৰ বাবে উদ্বোধনৰ পিচতেই ইয়াক নেশ্বনেল কেমিকেল লেবৰেটৰিৰ লগতে চিএছআইআৰ কেন্টিন কৰ্তৃপক্ষক প্ৰদান কৰা হয় ৷

আনহাতে ইয়াৰ বাৰ্ণাৰো মেক ইন ইণ্ডিয়াৰ অধীনত নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ ঘৰুৱাভাৱে ইয়াক উৎপাদন কৰি আঁচনিৰ অধীনৰ হিতাধিকাৰীসকলক প্ৰদান কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

ডিমেথাইল ইথাৰ হৈছে এক অতি পৰিষ্কাৰ ইন্ধন ৷ চিএছআইআৰ-এনছিএলে প্ৰতিদিনে 20-24 কিলোগ্ৰাম সক্ষমতাৰ দেশৰ প্ৰথমটো ডিএমই পাইলট প্লান্ট বিকাশ কৰিছে ৷

  • #WatchNow !! Union Minister Dr Harsh Vardhan holds a high-level consultation meeting, via VC, with State S&T Ministers, Chief Secy & Secy of states on the formulation of Science, Technology & Innovation policy 2020 @IndiaDST https://t.co/gLbhHuAoFH

    — DrHarshVardhanOffice (@DrHVoffice) October 22, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

চিএছআইআৰ-এনচিএলৰ পুনে ডিভিজনৰ বিষয়া ড৹ টি ৰাজাৰ অধীনত সমগ্ৰ প্ৰকল্পটো পৰিকল্পনা কৰা হৈছিল আৰু যাৱতীয় গৱেষণা সম্পন্ন কৰি তোলাৰ পিচত ইয়াৰ বিকাশ সম্ভৱ হৈছে ৷ পৰম্পৰাগত ৰন্ধনগেছ ছিলিণ্ডাৰৰ বিপৰীতে ডিমেথাইল ইথাৰৰ দ্বাৰা পূৰ্ণ ছিলিণ্ডাৰে বহুখিনি শক্তি ৰাহী কৰাৰ লগতে পৰিৱেশৰো স্থিতাৱস্থা ৰক্ষা কৰিবলৈ সক্ষম ৷

লগতে পঢ়ক : বিহাৰ নিৰ্বাচনত জয়ী হ'বলৈ বিজেপি নামিল ভেকচিনৰ ৰাজনীতিত

Last Updated : Feb 16, 2021, 7:31 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.