জাপান আৰু চীনে দ্ৰুতগতি সম্পন্ন ট্ৰেইন নিৰ্মাণৰ বাবে চলাইছে প্ৰতিযোগিতা ৷ ইয়াৰ জৰিয়তে দুয়ো দেশে প্ৰযুক্তিবিদ্যাত নিজৰ দমন প্ৰতিপন্ন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷
চুম্বকীয় উত্তোলন অথবা মেগলেভ ট্ৰেইনে শক্তিশালী চুম্বকৰ ফলত ঘৰ্ষণৰ পৰিমাণ হ্ৰাস কৰাৰ লগতে ট্ৰেইনৰ গতিবেগ বৃদ্ধি কৰে ৷ ইতিমধ্যেই কম দূৰত্বৰ আৰু পৰীক্ষণমূলক মেগলেভ ট্ৰেইনৰ চলাচল হৈ আছে, কিন্তু এছিয়াৰ দুই বৃহৎ অৰ্থনীতিৰ দেশে বিশ্বৰ প্ৰথম দীৰ্ঘ দূৰত্বৰ এনে ট্ৰেইন মুকলি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷
আনহাতে, কেন্দ্ৰীয় জাপান ৰেলৱে'ৰ 9 ট্ৰিলিয়ন য়েন ($86 বিলিয়ন) মেগলেভে 2037 চনৰ ভিতৰত টকিঅ' আৰু অছাকাক সংযোগ কৰি চলাচল কৰিব বুলি আশা কৰা হৈছে ৷ চীনৰ 100 বিলিয়ন য়ুৱানৰ ($15 বিলিয়ন) এক প্ৰকল্প ছাংঘাই আৰু নিংগবোৰ উপকূলীয় চহৰক সংযোগ কৰিব ৷ বহুকেইবাৰ অসফল হোৱাৰ পাচত 2035 পৰ্যন্ত এই প্ৰকল্প সফল হোৱাৰ সম্ভাৱনা আছে ৷ জাপানৰ এই প্ৰকল্প অধিক ব্যয়বহুল কিয়নো পাহাৰীয়া অঞ্চলসমূহৰ মাজেৰে ইয়াৰ পৰিবহণৰ বাবে সুৰংগ নিৰ্মাণ কৰিবলৈ বহু অৰ্থৰ প্ৰয়োজন ৷
নিৰ্দিষ্ট সময়ত যদি জাপান আৰু চীনে এই দীৰ্ঘ দূৰত্বৰ প্ৰকল্পকেইটা সফলতাৰে সমাপ্ত কৰিবলৈ সক্ষম হয় তেন্তে এনে আধুনিক আৰু উন্নত প্ৰযুক্তিবিদ্যা সম্পন্ন ট্ৰেইনৰ ৰপ্তানীৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা উচিত ৷