ETV Bharat / science-and-technology

আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ ৫ খন মহাকাশ যান প্ৰেৰণ কৰিব ৰাছিয়াই - চয়ুজ এমএছ ২১ মহাকাশ যান

২০২২ চনত ৰাছিয়াই ৫ খন মহাকাশ যান প্ৰেৰণ কৰিব আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ । দুখন চয়ুজ মহাকাশ যান আৰু তিনিখন প্ৰগ্ৰেছ কাৰ্গো মহাকাশ যান প্ৰেৰণৰ পৰিকল্পনা কৰিছে ৰাছিয়াই । শেহতীয়াকৈ স্পুটনিকে এই কথা প্ৰকাশ কৰিছে ।

Russia to launch 5 spacecraft to ISS in 2022
আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ ৫ খন মহাকাশ যান প্ৰেৰণ কৰিব ৰাছিয়াই
author img

By

Published : Sep 29, 2021, 1:44 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯ ছেপ্টেম্বৰ: আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ মহাকাশ যান প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে ৰাছিয়াই । স্পুটনিকে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২২ চনত দেশখনে আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ ৫ খন মহাকাশ যান প্ৰেৰণ কৰিব । দুখন চয়ুজ মহাকাশ যান আৰু তিনিখন প্ৰগ্ৰেছ কাৰ্গো মহাকাশ যান প্ৰেৰণ কৰিব ৰাছিয়াই ।

বৰ্তমানলৈকে কৰা পৰিকল্পনা অনুসৰি, ২০২২ চনৰ ১৮ মাৰ্চত ৰাছিয়াৰ মহাকাশচাৰী ওলেগ আৰ্টেময়েভ, ডেনিছ মতভেয়েভ আৰু ছেৰ্গেই কৰ্চাকভৰ সৈতে চয়ুজ এমএছ-২১ মহাকাশ যান প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে । ২১ ছেপ্টেম্বৰত ছেৰ্গেই প্ৰকোপয়েভ, আন্না কিকিনা আৰু দিমিত্রি পেটেলিনৰ সৈতে চয়ুজ এমএছ-২২ মহাকাশযান প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে ৰাছিয়াই ।

ইয়াৰ উপৰিও, ১৫ ফেব্ৰুৱাৰীত প্ৰগতি এমএছ-19, ৩ জুনত প্ৰগতি এমএছ-20 আৰু ২৬ অক্টোবৰত প্ৰগতি এমএছ-21 প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে । ২০২১ চনত ৰাছিয়াই আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ চাৰিখন যান প্ৰেৰণ কৰে । ইয়াৰ ভিতৰত দুখন প্ৰগতি আৰু এখন চয়ুজ মহাকাশ যান । আনখন হৈছে নাউকা মডিউল ।

লগতে পঢ়ক:আফগানিস্তানৰ ভূমিত আমেৰিকাই ৰাখিব 2,500 সেনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.