ETV Bharat / science-and-technology

উৎক্ষেপণৰ বাবে সাজু নাছাৰ মুন ৰকেট

আজি মহাকাশলৈ উৰা মাৰিব আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ মুন ৰকেট ৷ ইতিমধ্যে উৎক্ষেপণৰ বাবে সাজু হৈছে নাছাৰ মুন ৰকেট । নাছাৰ দ্বাৰা নিৰ্মিত এই ৩২২ ফুট দৈৰ্ঘ্যৰ স্পেচ লঞ্চ চিষ্টেম ৰকেট এতিয়ালৈকে নিৰ্মাণ হোৱা ৰকেটসমূহৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰকেট বুলি গণ্য কৰা হৈছে (NASAs moon rocket ready to take off) ।

author img

By

Published : Aug 29, 2022, 3:07 PM IST

nasas-moon-rocket-ready-to-take-off-despite-lightning-incident
উৎক্ষেপণৰ বাবে সাজু নাছাৰ মুন ৰকেট

ইন্টাৰনেশ্যনেল ডেস্ক, 29 আগষ্ট : আজি মহাকাশলৈ উৎক্ষেপণৰ বাবে সাজু হৈছে আমেৰিকাৰ মহাকাশ সংস্থাৰ (America Space Agency) নিউ মুন ৰকেট বা চন্দ্ৰ ৰকেট (NASA New Moon Rocket)। বজ্ৰপাতৰ মাজতো উৰণ ল'বলৈ সাজু চন্দ্ৰ ৰকেট । সন্ধিয়া ৬ বজাত মহাকাশত উৎক্ষেপণ কৰা হ'ব এই ৰকেট । ৩২২ ফুট (৯৮ মিটাৰ) দৈৰ্ঘ্যৰ স্পেচ লঞ্চ চিষ্টেম (SLS) ৰকেটটো হৈছে নাছাই নিৰ্মাণ কৰা এক শক্তিশালী ৰকেট । নাছাৰ ‘এপ’লো’ অভিযানৰ (NASA Apollo Programme) প্ৰায় ডেৰ শতিকাৰ পাছতে চন্দ্ৰ কক্ষপথলৈ এটা খালী ‘ক্ৰু কেপচুল’ পঠোৱাৰ কথা আছে, য’ত ১২ জন মহাকাশচাৰীয়ে চন্দ্ৰত অৱতৰণ কৰিছিল (NASAs moon rocket ready to take off) ।

ছয় সপ্তাহজোৰা এই পৰীক্ষামূলক উৎক্ষেপন সফল হ’লে কেইবছৰমানৰ ভিতৰতে মহাকাশচাৰীসকল পুনৰ চন্দ্ৰলৈ ঘূৰি আহিব পাৰে । অৱশ্যে নাছাৰ বিষয়াই জনোৱা মতে, এই ৰকেটটোৰ অধিক বিপদৰ বাবে ৰকেটৰ সময়সীমা হ্ৰাস কৰিব পৰা যাব । মহাকাশচাৰীৰ সলনি তিনিটা টেষ্ট ডামি অৰিয়ান কেপচুল ৰকেটত ৰাখি কম্পন, ত্বৰণ আৰু বিকিৰণ জুখিব পৰা যায় । ইয়াৰ কেপচুলত ১০০০ৰো অধিক চেন্সৰ আছে ।

নাছাৰ বিষয়াসকলে দেওবাৰে জনোৱা মতে, শনিবাৰে বজ্ৰপাতৰ সময়ত নাছাৰ কেনেডি স্পেচ চেণ্টাৰত ৰকেট বা কেপচুলৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই । অন্য সা-সৰঞ্জামৰো কোনো ধৰণৰ ক্ষতি হোৱা নাছিল । কিন্তু নাছাৰ কেনেডি স্পেচ চেণ্টাৰত (NASA's Kennedy Space Centre)ৰকেটখনক আগুৰি থকা ৬০০ ফুট দৈৰ্ঘ্যৰ টাৱাৰৰ সমীপত পাঁচটাকৈ বজ্ৰপাত সংঘটিত হয় । ইয়াৰ পিছতো পৰীক্ষা কৰিবলগীয়া ৰকেটখন নিৰাপদে আছে । গতিকে নিৰ্ধাৰিত সময়ত মুন ৰকেট উৎক্ষেপণ কৰা হ’ব ।

মন কৰিবলগীয়া যে, নাছাৰ আৰ্টেমিছ-১ অভিযান প্ৰায় ডেৰ শতিকাৰ পিছত মানুহক চন্দ্ৰলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ দিশে আগবাঢ়িছে । আজি (২৯ আগষ্ট ২০২২) আৰম্ভ হ’বলগীয়া এই অভিযান নাছাৰ স্পেচ লঞ্চ চিষ্টেম আৰু অৰিয়ান ক্ৰু কেপচুলৰ বাবে এক গুৰুত্বপূৰ্ণ যাত্ৰা হ’ব । মহাকাশযানখনে চন্দ্ৰলৈ যাব, কিছুমান সৰু সৰু উপগ্ৰহ কক্ষপথত এৰি তাৰ পিছত নিজেই কক্ষপথত ৰাখিব । এই পৰীক্ষাসমূহ চলোৱাৰ মূল উদ্দেশ্য আছিল মহাকাশযানখনৰ হেণ্ডলিং পৰীক্ষা কৰা আৰু চন্দ্ৰত মহাকাশচাৰীসকলে অনুভৱ কৰা অৱস্থাৰ অনুসন্ধান কৰা ।

লগতে পঢ়ক : SpaceX Starship, আগষ্ট মাহতো উৎক্ষেপণ কৰা নহব SpaceXৰ প্ৰথমখন যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.