ETV Bharat / science-and-technology

এবাৰতে মংগল গ্ৰহৰ পৃষ্ঠ শুকাই যোৱা নাছিল !

author img

By

Published : Apr 10, 2021, 6:15 PM IST

প্ৰায় তিনি বিলিয়ন বছৰ পূৰ্বে মংগল গ্ৰহৰ পৃষ্ঠ সম্পূৰ্ণৰূপে শুকাই যোৱাৰ আগতে গ্ৰহটোৰ জলবায়ু শুকান আৰু আৰ্দ্ৰ আছিল । ফ্ৰান্সৰ ৰাষ্ট্ৰীয় বৈজ্ঞানিক গৱেষণা কেন্দ্ৰৰ এজন গৱেষকৰ ভূ-বিজ্ঞান আলোচনীত প্ৰকাশিত এক প্ৰবন্ধত এই তথ্য প্ৰকাশ পাইছে । প্ৰবন্ধটোত উল্লেখ কৰা হৈছে যে, একেবাৰতে ৰঙা গ্ৰহটোৰ পৃষ্ঠ শুকাই যোৱা নাছিল ।

এবাৰতে মংগল গ্ৰহ শুকাই যোৱা নাছিল !
এবাৰতে মংগল গ্ৰহ শুকাই যোৱা নাছিল !

নেশ্যনেল ডেস্ক, ১০ এপ্ৰিল: NASAৰ কিউৰিঅ'ছিটি মাৰ্চ ৰ'ভাৰৰ পৰা লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি মংগল গ্ৰহত মাউণ্ট চাৰ্পৰ আধাৰ অন্বেষণ অব্যাহত আছে । লছ এলাম'ছ ৰাষ্ট্ৰীয় গৱেষণাগাৰৰ বিজ্ঞানী ৰ'জাৰ ৱেন্সে কয় যে, কিউৰিঅ'ছিটি মিছনৰ প্ৰাথমিক লক্ষ্য আছিল অতীতৰ বসতিযোগ্য পৰিৱেশ আৰু বৰ্তমান মংগল গ্ৰহত থকা শুকান আৰু শীতল জলবায়ুৰ মাজৰ পৰিৱৰ্তনৰ বিষয়ে অধ্যয়ন কৰা ।

মংগল গ্ৰহৰ আলোকচিত্ৰত দৃশ্যমান হোৱা শিলৰ স্তৰবোৰে সেই জলবায়ু পৰিৱৰ্তন বিতংভাৱে ৰেকৰ্ড কৰিছে । চেমকেম হৈছে শিল-বাষ্পীভূত লেজাৰ আৰু ই কিউৰিঅ'ছিটি ৰ'ভাৰৰ মাষ্টত থাকে আৰু মংগল গ্ৰহৰ শিলৰ ৰাসায়নিক গঠন বিশ্লেষণ কৰে । ফ্ৰান্সৰ ৰাষ্ট্ৰীয় বৈজ্ঞানিক গৱেষণা কেন্দ্ৰৰ গৱেষক উইলিয়াম ৰেপিনেৰ ভূ-বিজ্ঞান আলোচনীত প্ৰকাশিত অধ্যয়নমূলক প্ৰৱন্ধত এই সকলোবোৰ তথ্য বিশ্লেষণ কৰা হৈছে ।

মাউণ্ট চাৰ্পৰ থিয় ভূ-খণ্ড পৰ্যবেক্ষণ কৰিবলৈ চেমকেমত দীঘলীয়া দূৰত্বৰ কেমেৰা ব্যৱহাৰ কৰি ৰ'জাৰ ৱেন্স আৰু আন গৱেষকৰ এটা দলে আৱিষ্কাৰ কৰিছিল যে, প্ৰায় তিনি বিলিয়ন বছৰ পূৰ্বে মংগল গ্ৰহৰ পৃষ্ঠ সম্পূৰ্ণৰূপে শুকাই যোৱাৰ আগতে গ্ৰহটোৰ জলবায়ু শুকান আৰু আৰ্দ্ৰ আছিল । গ্ৰহটোৰ পৃষ্ঠভাগ একেবাৰতে শুকাই যোৱা নাছিল । ৰঙা গ্ৰহটোৰ চাৰিওফালে কক্ষপথত থকা মহাকাশযানে আগতে মাউণ্ট চাৰ্পৰ খনিজ পদাৰ্থৰ গঠনৰ বিষয়ে সংকেত দিছিল ।

এতিয়া, চেমকেমে গ্ৰহটোৰ পৃষ্ঠৰ পৰা সকলোখিনি সফলতাৰে বিতংভাৱে পৰ্যবেক্ষণ কৰিছে । ভূ-খণ্ডৰ মাজেৰে কিছু দূৰ আগবাঢ়ি গৈ, কিউৰিঅ'ছিটি মাৰ্চ ৰ'ভাৰে লক্ষ্য কৰিছিল যে, পলসৰ বিচনা সদৃশ পৃষ্ঠৰ প্ৰকাৰবোৰ সঘনাই পৰিৱৰ্তন হয় । অধ্যয়নত প্ৰকাশ কৰা হৈছে যে, মাউণ্ট চাৰ্পৰ গাঁঠনি নিৰ্মাণ কৰা হ্ৰদে জমা কৰা বোকা মাটি, শিল-বালিৰ স্তৰ, বতাহেৰে গঠিত টিলাই শুকান জলবায়ুৰ কথাকে সূচায় ।

আনহাতে, পাতল পৰিৱৰ্তনশীল ভংগুৰ আৰু নদী, সমভূমিত জমা থকা সামগ্ৰীয়ে আৰ্দ্ৰতা থকাৰে ইংগিত বহন কৰে । ভূ-খণ্ডৰ এই পৰিৱৰ্তনে স্পষ্ট কৰিছে যে, বৰ্তমান পৰ্যায় পাবলৈ গ্ৰহটোৰ জলবায়ুৱে আৰ্দ্ৰ আৰু শুকান জলবায়ুৰ বৃহৎ তাৰতম্যৰ সন্মুখীন হৈছিল ।

লগতে পঢ়ক:প্ৰিন্স ফিলিপ: ভাৰত ভ্ৰমণ আৰু বিতৰ্ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.