ETV Bharat / science-and-technology

ক'ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে ভাৰতীয় গৱেষকে প্ৰস্তুত কৰিলে Antiviral Therapy

author img

By

Published : Sep 11, 2022, 12:55 PM IST

Single-dose Intranasal Treatment প্ৰস্তুত কৰা আমেৰিকান বিজ্ঞানীসকলৰ ভিতৰত ভাৰতেও বিশেষ ভূমিকা পালন কৰিছে । ভাৰতীয় গৱেষক তথা অনুসন্ধানকাৰী সোণালী চতুৰ্বেদীকে ধৰি আমেৰিকাৰ বিজ্ঞানীৰ এটা দলে এই Single-dose Intranasal Treatment প্ৰস্তুত কৰিছে যিয়ে একাধিক ক’ভিড ভেৰিয়েণ্টৰ বিৰুদ্ধে যুঁজ দিয়াই নহয় বৰঞ্চ ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাতো বিশেষভাৱে সহায় কৰিব ।

Indian-origin researcher develops antiviral therapy that block Covid transmission
ক'ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে ভাৰতীয় গৱেষকে প্ৰস্তুত কৰিলে Antiviral Therapy

Single-dose Intranasal Treatment প্ৰস্তুত কৰা আমেৰিকান বিজ্ঞানীসকলৰ ভিতৰত ভাৰতেও বিশেষ ভূমিকা পালন কৰিছে । ভাৰতীয় গৱেষক তথা অনুসন্ধানকাৰী সোণালী চতুৰ্বেদীকে ধৰি আমেৰিকাৰ বিজ্ঞানীৰ এটা দলে এই Single-dose Intranasal Treatment প্ৰস্তুত কৰিছে যিয়ে একাধিক ক’ভিড ভেৰিয়েণ্টৰ বিৰুদ্ধে যুঁজ দিয়াই নহয় বৰঞ্চ ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাতো বিশেষভাৱে সহায় কৰিব(Indian-origin researcher develops antiviral therapy) ।

প্ৰচিডিংছ অৱ দ্য নেচনেল একাডেমী অৱ চায়েন্সত(Proceedings of the National Academy of Sciences) প্ৰকাশিত এক নতুন গৱেষণাত ছান ফ্ৰান্সিস্কোৰ গ্লেডষ্টোন ইনষ্টিটিউটৰ এটা দলে দেখুৱাইছে যে থেৰাপিউটিক ইন্টাৰফেৰিং পাৰ্টিকেল (Therapeutic interfering particle) নামৰ এই নতুন চিকিৎসাই আক্ৰান্ত প্ৰাণীৰ পৰা ভাইৰাছৰ পৰিমাণ হ্ৰাস কৰে আৰু সংক্ৰমণ সীমিত কৰে ।

গৱেষণা পত্ৰখনৰ প্ৰথম লেখক চতুৰ্বেদীয়ে কয়, "আমাৰ অভিজ্ঞতা অনুসৰি এইটোৱেই একমাত্ৰ এন্টিভাইৰেল ড'জ যিয়ে কেৱল Covid-19ৰ লক্ষণ আৰু তীব্ৰতা হ্ৰাস কৰাই নহয়, ভাইৰাছকো পৰিষ্কাৰ কৰে ।" ইফালে, গ্লেডষ্টোনৰ জ্যেষ্ঠ তদন্তকাৰী লিঅ’ ৱেইনবাৰ্গাৰে কয় য, এই অধ্যয়ন অনুসৰি টিআইপিৰ Single-dose Intranasal Treatmentয়ে সংক্ৰমিত ভাইৰাছৰ পৰিমাণ হ্ৰাস কৰে ।

TIP ৰ এটা ভাল দিশ হ’ল যে, ই সংক্ৰমিত কোষৰ মাজত ভাইৰাছক অতিক্ৰম কৰিবলৈ অধিক সক্ষম । TIP সমূহে লক্ষ্য কৰি লোৱা ভাইৰাছসমূহৰ সৈতে একেটা কোষতে বাস কৰে, আৰু একে সময়তে বিকশিত হয় আৰু নতুন ভাইৰাছৰ প্ৰজাতিৰ উত্থানৰ লগে লগে TIP সমূহ সক্ৰিয় হৈ উঠে ।

চতুৰ্বেদীয়ে কয় যে, বিগত কেইবছৰমানৰ পৰা প্লেগৰ বহু নতুন ভেৰিয়েণ্ট দেখা দিছে । ক্লিনিকেল ট্ৰায়েলৰ বাবে এফ ডি এৰ অনুমোদন বিচাৰি তেওঁ কয় যে,TIP এটা আদৰ্শ চিকিৎসা হ’ব, কাৰণ তেওঁলোকে ভাইৰাছৰ বিকাশৰ প্ৰতি ভালদৰে সঁহাৰি জনায়, যাতে ঔষধ প্ৰতিৰোধ ক্ষমতাৰ সমস্যাটো নিয়ন্ত্ৰণ কৰিব পাৰে । ছান ফ্ৰান্সিস্কোৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ সৈতে জড়িত একাডেমিক গ্লেডষ্টোনৰ ৱেইনবাৰ্গাৰে কয় যে, এই গৱেষণাত জীৱ-জন্তুৰ ক্ষেত্ৰত SARS-CoV-2 সংক্ৰমণ হ্ৰাস কৰিবলৈ সক্ষম হ’লে মানুহৰ পৰা মানুহৰ সংক্ৰমণ হ্ৰাস পাব পৰা যাব ।

লগতে পঢ়ক : ভাৰত বায়’টেকৰ COVID-19 ইন্ট্ৰানেজেল ভেকচিনৰ জৰুৰীকালীন অনুমোদন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.