নেশ্যনেল,১৩ মাৰ্চ: বৰ্তমান সময় কোনো এখন অচিনাকী ঠাইলৈ যোৱাৰ সময়ত পথৰ দিশ বিচাৰি উলিয়াবলৈ বহুতে ব্যৱহাৰ কৰে গুগল মেপ । গুগল মেপে হেৰুৱা পথ আৰু পথৰ দিশ নিৰ্ণায়কৰ লগতে মানচিত্ৰৰ বিভিন্ন অংশ চিনাক্ত কৰাত সহায় কৰে । এইবাৰ বিশ্বৰ ৮০তকৈও অধিক দেশত গুগলে আপডেট কৰিলে গুগল মেপ পদ্ধতিক ।
গুগল মেপৰ প্ৰডাক্টৰ পৰিচালক কেভিন ৰিছে এক বিবৃতিযোগে প্ৰকাশ কৰা মতে এতিয়াৰে পৰা যিকোনো লোকে এই এপপত গৈ ইয়াত সন্নিৱিষ্ট নথকা পথ অংকন কৰিব পাৰিব । যেতিয়া আপুনি এই এপপত এটা পথৰ তথ্য নাপাই তেতিয়া কাষৰ মেনুলৈ গৈ 'ইডিত মেপ'ত ক্লিক কৰিব আৰু মিছিং ৰোড বাছনি কৰিব লাগিব আৰু উক্ত পথটো নিজে অন্তৰ্ভূক্ত কৰিব পাৰিব ।
আপডেট কৰাৰ লগে লগে গুগল মেপত এতিয়াৰে পৰা লাইন অংকন কৰি নতুন পথ অন্তৰ্ভূক্ত কৰিব পৰা যাব, তৎক্ষণাত ৰাষ্টাৰ নাম সলনি কৰিব পৰা যাব, পথৰ দিশ সলনি কৰিব পাৰিব আৰু ভুল পথৰ তথ্য পুনৰ সন্নিৱিষ্ট কৰাৰ লগতে নোহোৱা কৰিবও পাৰিব । কেভিন ৰিছে লগতে উল্লেখ কৰে যে এতিয়াৰে পৰা কোনো এটা পথ যদি বন্ধ থাকে তেনেহ'লে পথটোৰ বন্ধৰ কাৰণ, তাৰিখ আৰু বিকল্প নিৰ্দেশনা আদিও অন্তৰ্ভূক্ত কৰিব পৰা যাব । লগতে এই সকলোবোৰ সন্নিৱিষ্ট কৰোতে যাতে সঁচা আৰু সঠিক হয় তাৰ প্ৰতিও গুৰুত্ব দিব গুগল মেপ কতৃপক্ষই ।
এই সুবিধাটো অহা কেইমাহমানৰ ভিতৰতে ৮০ তকৈও অধিক দেশত আৰম্ভ হব' য'ত মানুহে ইতিমধ্যে গুগল মেপত পথ আপডেট কৰাৰ বিষয়ে ৰিপৰ্ট কৰিছে । কোম্পানীটোৱে লগতে ঘোষণা কৰে যে গুগল চাৰ্ছ আৰু মেপৰ জৰিয়তে স্থানীয় ব্যৱসায়ৰ সহায় হ'ব পৰাকৈ আমেৰিকাত ইতিমধ্যে দেশজুৰি ৰিভিউ, ফটো আৰু আপডেত প্ৰক্ৰিয়া আৰম্ভ হৈছে ।
আগন্তুক সপ্তাহত গুগল মেপত এটা নতুন সমল আৰম্ভ হ'ব । ফটো আপডেট যি শেহতীয়া ফটোৰ সৈতে অভিজ্ঞতা আৰু হাইলাইট বোৰ বিচাৰিবলৈ আৰু শ্বেয়াৰ কৰাৰ এক সহজ উপায় হ'ব । ফটো আপডেটৰ জৰিয়তে এটা স্থানৰ শেহতীয়া ফটো সম্পৰ্কে জানিব পাৰিব । বিশ্বৰ লাখ লাখ ব্যৱসায় আৰু মানুহৰ সহযোগিতাৰে গুগলে ইতিমধ্যে ১৭০ বিলিয়ন উচ্চ-ক্ষমতা সম্পন্ন ছবি লাভ কৰিবলৈ সক্ষম হৈছে আৰু এইবোৰ ১০ হাজাৰতকৈ অধিক স্থানীয় প্ৰশাসন,ট্ৰেঞ্জিত এজেঞ্চি আৰু বহু সংগঠনৰ সহায়ত কৰা হৈছে ।
লগতে পঢ়ক:OPPO Find X3 Pro বৈশিষ্ট আৰু বিশেষত্ব