নতুন দিল্লী, 30 নৱেম্বৰঃ ডেনমাৰ্কস্থিত পৰিধানযোগ্য সামগ্ৰীৰ প্ৰতিষ্ঠান ‘জাব্ৰা’(Jabra)ই ভাৰতীয় বজাৰত মুকলি কৰিছে অনাতাঁৰ ইয়াৰবাড ‘Elite 85’ ৷ এই ইয়াৰবাডৰ ভাৰতীয় মূল্য হ’ব 18,999 ৷ প্ৰতিষ্ঠানটোৱে ঘোষণা কৰা অনুসৰি উচ্চ ক্ষমতাসম্পন্ন ফোন সংযোগৰ গুণ থকা অত্যাধুনিক এই ইয়াৰবাড Elite 85ত six-mic technology ব্যৱহাৰ কৰা হৈছে ৷
ইয়াৰবাড সমূহত থকা Dual chipset এ শক্তিশালী ANC ক্ষমতাৰ সমান্তৰালকৈ উপযুক্ত চাউণ্ড প্ৰচেছিং সৰৱৰাহ কৰে ৷ এই ইয়াৰবাডত ANCৰ সৈতে শ্ৰৱণ ক্ষমতা 5.5 ঘন্টা পৰ্যন্ত অব্যাহত থাকে যি ANC চাৰ্জিঙৰ পিছত এই ক্ষমতা 25 ঘন্টালৈ আৰু ANC নোহোৱাকৈ 31 ঘন্টালৈ বৃদ্ধি কৰে ৷ এই ইয়াৰবাড Qi-certified আৰু অন্য Qi-certified চাৰ্জাৰসমূহৰ ক্ষেত্ৰতো উপযুক্ত ৷
এই ইয়াৰবাডসমূহ IPX4 ৰেটযুক্ত আৰু ধূলি আৰু পানীৰ বিপৰীতে 2 বছৰৰ ৱাৰেন্টি প্ৰদান কৰা হৈছে ৷ ‘জাব্ৰা’(Jabra) চাউণ্ড+এপৰ দ্বাৰা এই ইয়াৰবাডসমূহক নিয়ন্ত্ৰণ কৰিব পৰা যাব ৷ উল্লেখ্য যে, এই ইয়াৰবাড সমূহ 1 ডিচেম্বৰৰ পৰা আমাজনত টাইটেনিয়াম ক’লা ৰঙত উপলব্ধ হ’ব ৷ আনহাতে, অন্য ৰঙসমূহ 2021 বৰ্ষৰ জানুৱাৰীৰ পৰা উপলব্ধ হ’ব ৷
লগতে পঢ়ক-মধ্য প্ৰদেশত ৪৮ ঘণ্টাত ৬ নৱজাতকৰ মৃত্যু, তদন্তৰ নিৰ্দেশ