ETV Bharat / politics

ৰাম মন্দিৰৰ অভিষেকৰ দিনা ৰাহুল গান্ধীক বিয়লি বটদ্ৰৱা সত্ৰ দৰ্শনৰ আহ্বান অসমৰ মুখ্যমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 2:27 PM IST

Updated : Jan 23, 2024, 10:18 AM IST

Rahul Gandhi to visit Batadrava Satra: কংগ্ৰেছে ঘোষণা কৰা মতে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশ হিচাপে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত থকা বটদ্ৰৱা সত্ৰ ভ্ৰমণ কৰিব । অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত এই কাৰ্যসূচী এৰাই চলিবলৈ ৰাহুল গান্ধীক আহ্বান জনায় । সংবাদমেলযোগে আন কেইবাটাও বিষয়ত মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Assam CM Appeal to Rahul Gandhi
ৰাম মন্দিৰৰ অভিষেকৰ দিনা ৰাহুল গান্ধীক বিয়লি বটদ্ৰৱা সত্ৰ দৰ্শনৰ আহ্বান অসমৰ মুখ্যমন্ত্ৰীৰ

ৰাম মন্দিৰৰ অভিষেকৰ দিনা ৰাহুল গান্ধীক বিয়লি বটদ্ৰৱা সত্ৰ দৰ্শনৰ আহ্বান অসমৰ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ২১ জানুৱাৰী : "ৰাম আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাজত প্ৰতিযোগিতা নাপাতিব, সেইদিনা ৪ বজাৰ পিছত দৰ্শন কৰক বটদ্ৰৱা সত্ৰ", "মোৰ সন্তানকো ভয় কৰে ৰাহুল গান্ধীয়ে, ৰাহুল গান্ধী আৰু মোৰ ষ্টেণ্ডাৰ্ড এতিয়া একেই..."- অসমত ৮ দিনীয়া কাৰ্যসূচীৰে ভাৰত জোড়ো ন্যায় যাত্ৰাত ব্যস্ত থকা ৰাহুল গান্ধীৰ প্ৰতি এই মন্তব্য আৰু অনুৰোধ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

অসম ভ্ৰমণৰত ৰাহুল গান্ধী শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতিক লৈ সৰৱ হৈ আছে ৷ লগতে ২২ জানুৱাৰীৰ দিনা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ সময়তে ৰাহুল গান্ধীয়ে দৰ্শন কৰিব অসমীয়া সমাজ ব্যৱস্থাৰ দিক্ দৰ্শক মহাপুৰষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত থকা বটদ্ৰৱা সত্ৰ ৷ সেয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে এই মন্তব্য আৰু আহ্বান অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ৷

ৰাজধানী দিশপুৰত দেওবাৰে সংবাদেমলত এই মন্তব্য কৰে ড৹ শৰ্মাই ৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ দিনা অৰ্থাৎ ২২ জানুৱাৰীত অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ ৰোড মেপ আৰু কাৰ্যসূচীক লৈ প্ৰশ্ন তুলিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰশ্ন- ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ দিনাই ৰাহুল গান্ধীয়ে কিয় মৰিগাঁও, জাগীৰোড, ধিং, নেলী আদি অঞ্চল নিৰ্বাচন কৰিলে নিজৰ ৰোড মেপত ? মুখ্যমন্ত্ৰীৰ মতে আইন-শৃংখলাৰ প্ৰশ্ন আছে এই অঞ্চলসমূহত ।

বিশেষকৈ ২২ জানুৱাৰীৰ দিনটোত এই অঞ্চলসমূহ স্পৰ্শকাতৰ হৈ থাকিব ৷ এই অঞ্চল সমূহত ৬০ শতাংশ মুছলমান আৰু ৪০ শতাংশ হিন্দুৰ বসতি প্ৰধান ৷ সেয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ প্ৰতি এই ৰোড মেপ এৰাই চলিবলৈ আহ্বান জনাইছে ৷ সংবাদমেলত লগতে তেওঁ জনায় যে আইন-শৃংখলা ৰক্ষাৰ বাবে এই ঠাইসমূহত ৰাজপথত কাইলৈ কমাণ্ডো বাহিনী নিয়োগ কৰিব ৷ তেওঁ আশা প্ৰকাশ কৰে যে দিনটো ভালদৰেই পাৰ হ'ব ৷ লগতে তেওঁ ৰাহুল গান্ধীৰ কাইলৈ আগবেলা মহাপুৰষ শংকৰদেৱৰ জন্মস্থান ভ্ৰমণক লৈ মন্তব্য কৰি কয় যে ৰাম আৰু শংকৰদেৱৰ মাজত আমি প্ৰতিযোগিতা কৰি দিছো ৷ যিটো উচিত নহয় ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "ৰাহুল গান্ধীয়ে আগতে মোলৈ ভয় কৰিছিল, আজিকালি মোৰ ল'ৰা-ছোৱালীলৈয়ো ভয় কৰে ৷ তেওঁলোকে ভাৱে মই আজিকালি ডাঙৰ হৈ গ'লো ৷ গান্ধী পৰিয়াল ক'ত আৰু মই ক'ত ? মোৰ জীৱনৰ এটা সময় আছিল, গান্ধী পৰিয়ালৰ সাক্ষাৎ পাবলৈ এসপ্তাহ পৰ্যন্ত আমি কেম্প পাতিবলগীয়া হৈছিল । এতিয়া আমি একেটা ষ্টেণ্ডাৰ্ডৰ হ'লো ৷ তেওঁ মোৰ কথাৰ উত্তৰ দিয়ে যেতিয়া, এয়া মোৰ বিজয় ৷ মোক ফ্ৰী পাব্লিচিটি দিয়াৰ বাবে ধন্যবাদ" ।

উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকী পত্নীৰ বৃহৎ ভূমি কেলেংকাৰী আৰু পুত্ৰৰ কোম্পানীৰ সংখ্যা আৰু সম্পতিক লৈ অসম ভ্ৰমণত কঠোৰ সমালোচনা কৰিছে ৰাহুল গান্ধীয়ে ৷ ৰাহুলে দেশৰ সবাতোকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী আখ্যা দিছে ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷ তাৰেই যেন প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীজনে ৷

লগতে পঢ়ক :স্থিতিত অটল অসম চৰকাৰ, মহানগৰীৰ মাজেৰে যাব নোৱাৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা

Last Updated : Jan 23, 2024, 10:18 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.