ETV Bharat / opinion

বিজেপি, কংগ্ৰেছ নে আপ ? থোৰতে পঞ্জাৱৰ নিৰ্বাচনী সমীকৰণ - পঞ্জাৱৰ নিৰ্বাচনী সমীকৰণ

শুকুৰবাৰে সন্ধিয়া ১১৭ জনীয়া পঞ্জাৱ বিধানসভাৰ প্ৰচাৰ অভিযানৰ সমাপ্ত হয় । ৰাজ্যখনত দেওবাৰে অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন । সমীক্ষা অনুসৰি অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে নিৰ্বাচনত আটাইতকৈ ডাঙৰ দল হিচাপে আত্মপ্ৰকাশ কৰিব । কংগ্ৰেছ দল হ’ব দ্বিতীয় বৃহৎ দল ৷ আনহাতে এইবাৰ ৰাজ্যখনৰ নিৰ্বাচনত বিজেপি দলক মুখ্য ৰাজনৈতিক শক্তি হিচাপে গণ্য কৰা হোৱা নাই ।

Prospects of AAP, Congress and BJP
থোৰতে পঞ্জাৱৰ নিৰ্বাচনী সমীকৰণ
author img

By

Published : Feb 19, 2022, 2:15 PM IST

নিউজ ডেস্ক, 19 ফেব্ৰুৱাৰী : সমাগত ১১৭ জনীয়া পঞ্জাৱ বিধানসভাৰ প্ৰচাৰৰ অন্তিম পৰ্যায়ত বিজেপিৰ শীৰ্ষ নেতৃত্বক যথেষ্ট সক্ৰিয় হোৱা দেখা গৈছে । আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো যোৱা সপ্তাহত নিৰ্বাচনমুখী ৰাজ্যখনৰ বেয়াচ(Beas) অঞ্চলৰ ৰাধা চোৱামী সতচাঙৰ মুৰব্বী বাবা গুৰিন্দৰ সিং ধিলিয়নৰ সৈতে এক বিশেষ বাৰ্তালাপ মিলিত হোৱা দেখা গৈছিল । ইয়াৰ পাছতেই বুধবাৰে গৃহমন্ত্ৰী অমিত শ্বাহেও একেজন বাবাৰ সৈতে বৈঠকৰ বাবে বেয়াচ(Beas) ভ্ৰমণ কৰে।

ইয়াৰ আগতে দেওবাৰে, গৃহমন্ত্ৰী অমিত শ্বাহে অকাল তখতৰ প্ৰধান জাথেদাৰ, জ্ঞানী হৰপ্ৰীত সিঙৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ বাবে অমৃতসৰ ভ্ৰমণ কৰিছিল । যদিও স্পষ্টকৈ এতিয়াও জনা হোৱা নাই তথাপিও অনুমান কৰা হৈছে যে কাৰাগাৰত বন্দী ডেৰা সচ্চা চৌডাৰ প্ৰধান বাবা গুৰমিত ৰাম ৰহিমৰ মুক্তিৰ বিষয়ক লৈয়েই এই ভ্ৰমণ আৰু বৈঠক হৈছে । গতিকে স্বাভাবিকতেই পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনৰ আগে আগে বিজেপিৰ শীৰ্ষ নেতাসকলৰ পঞ্জাৱৰ এই "বাবা" সকলৰ সৈতে বৈঠকত বহাটোৱে কিছু প্ৰশ্নৰ সৃষ্টি কৰিছে ।

পঞ্জাৱত এইবাৰ অগ্ৰগামী আম আদমী পাৰ্টী (আপ)

এইবাৰৰ নিৰ্বাচনী সমীক্ষাসমূহলৈ মন কৰিলে দেখা যাব যে, অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিয়ে (আপ) ২০ ফেব্ৰুৱাৰীৰ নিৰ্বাচনত আটাইতকৈ ডাঙৰ দল হিচাপে আত্মপ্ৰকাশ কৰিব । সমীক্ষাৰ মতে কংগ্ৰেছ দল হ’ব দ্বিতীয় বৃহৎ দল । অপ্ৰত্যাশিতভাবে বিজেপি দলক, যিয়ে ইতিমধ্যেই কেপ্টেইন অমৰেন্দ্ৰ সিঙৰ পঞ্জাৱ লোক কংগ্ৰেছ (৩০ খন আসন) আৰু সুখবীৰ সিং ধিন্দছাৰ নেতৃত্বত শিৰোমণি অকালি দলৰ (ইউনাইটেড)ৰ (১৭ খন আসন) সৈতে মিত্ৰতা কৰি প্ৰতিদ্বন্দিতা কৰিছে যদিও এইবাৰ তেওঁলোকক ৰাজ্যখনত মুখ্য ৰাজনৈতিক শক্তি হিচাপে গণ্য কৰা হোৱা নাই । আনহাতে সুখবীৰ সিং বাদলৰ শিৰোমণি অকালি দলেও (এছ এ ডি) এই নিৰ্বাচনত বৰ বিশেষ প্ৰভাৱ পেলাব পাৰিব বুলি প্ৰধানকৈ দুটা কাৰণত ভবা হোৱা নাই ।

ইয়াৰে কাৰণ দুটা হৈছে, প্ৰথমে ২০১৫ চনত যেতিয়া গুৰু গ্ৰন্থ চাহিবৰ পৃষ্ঠাবোৰ অপৱিত্র কৰা দেখা গৈছিল তেতিয়া দলটোৱে দেখুওৱা শিখ বিৰোধী স্থিতি ৷ আনহাতে আনটো কাৰণ হৈছে শেহতীয়াকৈ নতুন দিল্লীৰ বাহিৰত বছৰজোৰা কৃষক প্ৰতিবাদৰ সময়ত দলৰ নেতাসকলৰ বিৰোধিতা । যি কি নহওঁক, শুকুৰবাৰে যেতিয়া পঞ্জাৱ নিৰ্বাচনত প্ৰচাৰ অভিযানৰ সামৰণি পৰিছিল তেতিয়া কিন্তু সকলো সমীক্ষাই আপৰ সম্ভাৱনাৰ ফালে আঙুলি টোৱাহে পৰিলক্ষিত হৈছিল ।

আপৰ সম্ভাৱনা বনাম দ্বিধা

শিৰোমণি অকালি দলৰ দহ বছৰীয়া শাসন আৰু কংগ্ৰেছৰ শেহতীয়া পাঁচ বছৰীয়া শাসনৰ পাছত পঞ্জাৱৰ ভোটাৰসকলে এইবাৰ আপৰ সপক্ষে ভোটদান কৰাৰ সম্ভাৱনীয়তা নিশ্চয়কৈ নুই কৰিব নোৱাৰি । কিন্তু দলটোৰ অতীতৰ কিছু ত্ৰুটি তথা ভুল সিদ্ধান্তই আপৰ এই সম্ভাৱনীয়তাক এইবাৰ যে প্ৰভাৱিত কৰিব সেয়াও খাটাং । উদাহৰণস্বৰূপে ২০১৭ চনৰ পঞ্জাৱৰ নিৰ্বাচনৰ পাছত ৰাজ্য়খনত আপৰ প্ৰতিপত্তি আৰু জনপ্ৰিয়তা বাঢ়িছিল ঠিকেই ৷ কিন্তু এই জনপ্ৰিয়তা শেহতীয়াকৈ বিশেষকৈ কাজৰিৱালৰ এক প্ৰাক্তন খালিস্তানী উগ্ৰপন্থীৰ ঘৰ ভ্ৰমণ কৰাৰ পাছতেই নিস্তেজ হৈ পৰিছিল ।

এই ঘটনাটোৰ সংঘটিত হোৱাৰ আগতে, আপে ৮০ খন আসন জিকিব আৰু চৰকাৰ গঠন কৰিব বুলি ঘোষণা কৰি পোষ্টাৰ লগাইছিল । ২০১৭ চনত দলটোৱে ২০ খন আসনত জয়লাভ কৰে যদিও পৰবৰ্তী বছৰসমূহত তেওঁলোকৰ ১১ জন বিধায়কে দল সলনি কৰে । ২০১৯ চনৰ সংসদীয় নিৰ্বাচনত ৰাজ্যখনত আপৰ ভোটৰ অংশ একক অংকৰ সংখ্যালৈ হ্ৰাস পাইছিল । গতিকে, এইবাৰ জনসমৰ্থন থকা স্বত্বেও, আপে অনুকূল পৰিস্থিতিবোৰ ভোটলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম হ'বনে নহয় সেয়া হৈছে ডাঙৰ প্ৰশ্ন । দলটোৱে ভোটাৰসকলক ৰাজ্যখনত এক স্থিৰ, স্থায়ী আৰু বিশ্বাসযোগ্য চৰকাৰৰ ব্যৱস্থা কৰিব পাৰিব বুলি আশ্বস্ত কৰিব পাৰিব নে নোৱাৰে সেয়া হৈছে এই মুহুৰ্তৰ এটা মিলিয়ন ডলাৰৰ প্ৰশ্ন ।

পঞ্জাৱত হাং এচেম্বলীৰ সম্ভাৱনীয়তা

বৰ্তমানৰ প্ৰতিকূল পৰিস্থিতিৰ স্বত্বেও বিজেপি কিন্তু ৰাজনৈতিকভাৱে যথেষ্ট সক্ষম আৰু পঞ্জাৱৰ ভোটৰ যুঁজখন শেষলৈকে যুঁজিবলৈ সংকল্পৱদ্ধ আৰু ইচ্ছুক যেন লাগে । যদি আপৰ আসনক সংখ্যা হ্ৰাস পায় আৰু কংগ্ৰেছৰ আসনৰ সংখ্যা ৫৯ বা সংখ্যাগৰিষ্ঠতাৰ সংখ্যাতকৈ কম থাকে, তেন্তে বিজেপিয়ে নিৰ্বাচনোত্তৰ ৰণনীতিৰ জৰিয়তে চৰকাৰ গঠনৰ বাবে ব্যৱস্থা ল’ব বুলি বুলি আশা কৰিব পাৰি । মনকৰিবলগীয়া যে পঞ্জাৱৰ ছয়খন "ডেৰা"ৰ প্ৰভাৱ ৬৮ খন বিধানসভা আসনত আছে বুলি কোৱা হয়, গুৰমিত ৰাম ৰহিমৰ ডেৰা সচচা চৌডাৰ আৰু ৰাধা চ'মী সৎচাঙৰ প্ৰভাৱ ক্ৰমান্বয়ে ২৭ আৰু ১৯ খন আসনত থাকিব বুলি অনুমান কৰা হৈছে ।

বিজেপিৰ সাধাৰণ নেতাসকলেও শেহতীয়াকৈ নুৰমহল ডেৰা (দিব্যা জ্যোতি জাগৰণ সংস্থা), ডেৰা সচখণ্ড বল্লান আৰু সন্ত নিৰঙ্কাৰী মিছনকে ধৰি অন্যান্য "ডেৰা"ৰ মুৰব্বীসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰা বুলি জানিব পৰা গৈছে । বিজেপিৰ ভিতৰুৱা সূত্ৰৰ মতে এই ডেৰা সমৰ্থনত দলটোৱে প্ৰায় ২৫ খন আসন জিকিব পাৰে । সুখবীৰ বাদলৰ শিৰোমণি অকালি দলেও ২০১৭ চনৰ পৰা স্থিতিৰ পৰা নিজৰ স্থিতি এইবাৰ উন্নত কৰিব বুলি আশা কৰা হৈছে । এনে পৰিস্থিতিত, বিজেপিয়ে সুখবীৰ বাদলৰ এছ এ ডি, কেপ্টেইন অমৰেন্দ্ৰ সিঙৰ ৰাষ্ট্ৰীয় লোক কংগ্ৰেছ, সুখবীৰ সিং ধিন্দছাৰ এছ এ ডি (ইউনাইটেড) আৰু নিৰ্দলীয় সকলৰ সমৰ্থনত সংখ্যাগৰিষ্ঠতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব পাৰে । বিজেপি আৰু এছ এ ডিৰ মাজত নিৰ্বাচনোত্তৰ মিত্ৰতাক অস্বীকাৰ কৰা হোৱা নাই ৷ কিছুমান "ডেৰা" মুৰব্বীয়ে প্ৰাক্তন মিত্ৰজোঁটৰ অংশীদাৰসকলৰ মাজত মিত্ৰতা অনাত ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে । অৰ্থাৎ, বিজেপিয়ে এক ওলমা বিধানসভাৰ সম্ভাৱনাৰ ওপৰতো কাম কৰি থকা দেখা গৈছে।

(লেখকঃ শ্ৰীনন্দ ঝা । এই প্ৰবন্ধত প্ৰকাশ কৰা মতামত লেখকৰ । ইয়াত প্ৰকাশ কৰা তথ্য আৰু মতামতই ইটিভি ভাৰতৰ মতামত প্ৰতিফলিত নকৰে ।)

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.