ETV Bharat / lifestyle

বিশ্ব মেন’পজ দিৱস 2021 : মৌলিক বিষয়সমূহ বুজি লওক

author img

By

Published : Oct 18, 2021, 2:04 PM IST

Updated : Oct 19, 2021, 9:05 AM IST

প্ৰতি বছৰে 18 অক্টোবৰৰ দিনটো ‘বিশ্ব মেন’পজ দিৱস’ হিচাপে পালন কৰা হয় ৷ বিশ্ব মেন’পজ দিৱসৰ এই বছৰৰ বিষয়বস্তু হ’ল ‘Bone Health’ ৷

world-menopause-day-2021-understanding-the-basics
বিশ্ব মেন’পজ দিৱস 2021 : মৌলিক বিষয়সমূহ বুজি লওক

নিউজ ডেস্ক, 18 অক্টোবৰ : মহিলাসকলৰ জীৱনকালত বহু শাৰিৰীক পৰিৱৰ্তনে দেখা দিয়ে তাৰ ভিতৰত এটা হ’ল ‘মেন’পজ’ ৷ এই সময়ছোৱাত মহিলাসকলে বহু শাৰিৰীক আৰু মানসিক পৰিৱৰ্তনৰ সন্মুখীন হয় ৷ 40-50 বছৰৰ মহিলাসকলৰ জীৱনৰ এইটো এক গুৰুত্বপূৰ্ণ পৰ্যায় ৷ যাৰ পিছত তেওঁলোকৰ মাহেকীয়া নোহোৱাৰ লগতে গৰ্ভধাৰণ ক্ষমতা হ্ৰাস পায় ৷

এই সময়ছোৱাত মহিলাসকলৰ শৰীৰটো বিভিন্ন ধৰণৰ শাৰিৰীক সমস্যাক কেন্দ্ৰ কৰি অধিক সংবেদনশীল হৈ পৰে ৷ মহিলাসকলে এই সময়ত মধুমেহ (Diabetes), উচ্চ ৰক্তচাপ (high blood pressure), হৃদৰোগৰ সমস্যা (heart disease) আৰু পাচন সমস্যা (digestive problems) আদি ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক হৈ পৰে ৷

এই সন্দৰ্ভত মহিলাসকলৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে মেন’পজৰ সময়ছোৱাত তেওঁলোকৰ শাৰিৰীক আৰু মানসিক সুস্থতাৰ বিষয়ে অৱগত কৰিবলৈ প্ৰতিবছৰে 18 অক্টোবৰৰ দিনটো ‘বিশ্ব মেন’পজ দিৱস’ হিচাপে পালন কৰা হয় ৷ ‘বিশ্ব মেন’পজ দিৱস’ৰ এই বছৰৰ বিষয়বস্তু হ’ল ‘Bone Health’ ৷

মেন’পজ কি ?

যদি এগৰাকী 45-55 বছৰ বয়সৰ মহিলাৰ শেষৰটো মাহেকীয়াৰ পিছত এবছৰলৈ মাহেকীয়া নহয় তেন্তে ইয়াৰ ‘মেন’পজ’ বুলি কোৱা হয় ৷ এই সময়ছোৱাত মহিলাগৰাকীৰ দেহত বিভিন্ন হৰমনৰ পৰিৱৰ্তন হয় আৰু তেওঁ ‘ovulating’ কৰা বন্ধ কৰে ৷ এই প্ৰক্ৰিয়া তেতিয়া আৰম্ভ হয় যেতিয়া মহিলাৰ শৰীৰত বিকশিত হোৱা follicle ৰ পৰিমাণ প্ৰতিমাহে হ্ৰাস পাবলৈ ধৰে ৷

উল্লেখ্য যে, এই follicle ৰ বাবেই মহিলাৰ ডিম্বাশয়ে ডিম্ব মুকলি কৰে ৷ ইয়াৰ সমান্তৰালকৈ প্ৰজনন হৰমন এষ্ট্ৰ’জেনৰ উৎপাদন হ্ৰাস পাবলৈ ধৰে ৷ যেতিয়া follicle, এষ্ট্ৰ’জেন আৰু প্ৰজেষ্টেৰণৰ উৎপাদন শেষ হয় তেতিয়াই মাহেকীয়া চক্ৰ বন্ধ হয় আৰু এই পৰ্যায়টোকে মেন’পজ বুলি কোৱা হয় ৷

কিছুমান মহিলাৰ ক্ষেত্ৰত মেন’পজৰ লক্ষণসমূহ 29-34 বছৰৰ ভিতৰতে দেখা দিবলৈ আৰম্ভ কৰে ৷ থাইৰয়ড, মধুমেহ, চিলিয়াক ৰোগ (celiac disease), ৰিউমেটিক আৰ্থৰাইটিছ (rheumatic arthritis) আদি ৰোগত আক্ৰান্ত মহিলাসকলৰ উপৰিও কৰ্কটৰ চিকিৎসাৰ সময়ত দিয়া কেম’থেৰাপি, মেলেৰিয়া বা HIV ৰ দ্বাৰা আক্ৰান্ত হৈ ডিম্বাশয় ধ্বংস, ধূমপান সেৱন, হিষ্টেৰেকটমী (hysterectomy) অস্ত্ৰোপচাৰৰ সময়ত ডিম্বাশয় আঁতৰাই দিয়া, অকাল ডম্বাশয় বিফলতা আদি বিশেষ কাৰণতো মেন’পজ সাধাৰণ বয়সতকৈ কম বয়সতে দেখা দিয়াৰ সম্ভাৱনা থাকে ৷

মেন’পজৰ লক্ষণসমূহ :

মেন’পজৰ প্ৰধান লক্ষণ হ’ল অনিয়মীয়া মাহেকীয়া বা একেবাৰে মাহেকীয়া নোহোৱা ৷ ইয়াৰ বাহিৰেও পাচন সমস্যা, টোপনিৰ সমস্যা, মেটাবলিজিম, ওজন, mood swing আদিয়ে দেখা দিয়ে ৷ কেতিয়াবা মহিলাসকল হতাশাতো ভোগা দেখা যায় ৷ ইয়াৰ উপৰিও অন্যান্য শাৰিৰীক সমস্যাসমূহৰ ভিতৰত গাঁঠিৰ বিষ, vaginal dryness, hot flashes, night sweats আদি ৷

মেন’পজৰ পিছত মহিলাসকলে গৰ্ভধাৰণ ক্ষমতা হেৰুৱায় ৷ তেওঁলোকৰ শৰীৰত হৰমনৰ স্তৰ সলনি হোৱাৰ বাবে মহিলাগৰাকীয়ে চিন্তা, অৱসাদ, আত্মবিশ্বাসৰ অভাৱ, কথা পাহৰা আদি সমস্যা অনুভৱ কৰিব পাৰে ৷ ইয়াৰ উপৰিও তেওঁ নিজৰ সংগীৰ সৈতে যৌন সম্পৰ্ক গঢ়িবলৈ অনিচ্ছুক হ'ব পাৰে ।

মেন’পজৰ ফলত সন্মুখীন হোৱা সমস্যাসমূহৰ আয়ুৰ্বেদিক সমাধান :

আমাৰ বিশেষজ্ঞ ডাঃ পি ভি ৰংগানায়কুলু, Ph.D. History of Ayurveda ই জনায় যে, আয়ুৰ্বেদত মহিলাসকলে মেন’পজৰ সময়ত সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত সহায়ক হ’ব পাৰে ৷ আয়ুৰ্বেদিক ঔষধৰ সহায়ত 3-4 মাহৰ ভিতৰতে এই সকলো লক্ষণৰ মোকাবিলা কৰিব পাৰি ৷ এনে কেইবিধমান আয়ুৰ্বেদিক ঔষধ হ’ল-

  • 25 মিলিলিটাৰ অশোকাৰিষ্ট অলপ পানীত মিহলি কৰি ভাত খোৱাৰ পিছত দিনত দুবাৰকৈ 3 মাহৰ বাবে খাওক ৷
  • নিশা শোৱাৰ আগতে প্ৰায় 3 গ্ৰাম অশ্বগন্ধা পাউদাৰ গাখীৰত মিহলি কৰি গ্ৰহণ কৰক ৷
  • ভাত খোৱাৰ আগত প্ৰতিদিনে 250 mg Praval Pishti গাখীৰত মিহলি কৰি খাওক ৷

ইয়াৰ উপৰিও মহিলাসকলে মেন’পজৰ সময়ত খাদ্যৰ তালিকাত অৰ্জুন, গুগ্গুলু, নহৰু, চফগুটি, ইলাচী আদি ৰাখিব পাৰে ৷ ডাঃ ৰংগানায়কুলুৱে কয় যে যিসকল মহিলা ডায়েবেটিছ, উচ্চ ৰক্তচাপ, কৰ্কট ৰোগ আৰু এনে ধৰণৰ অন্যান্য সমস্যাত ভূগি আছে, তেওঁলোকে মেন’পজৰ বাবে যিকোনো ধৰণৰ ঔষধ গ্ৰহণ কৰাৰ আগতে অপৰিহাৰ্যভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা বাঞ্চনীয় ।

লগতে, মেন’পজত ভোগা মহিলাসকলে ব্যায়াম, যোগ আৰু ধ্যানৰ দৰে স্বাস্থ্যকৰ অভ্যাস গ্ৰহণ কৰিব লাগে আৰু ইয়াক তেওঁলোকৰ দৈনন্দিন জীৱনৰ অংশ কৰিব ল’ব লাগে । তেওঁলোকে আহাৰ নিয়ন্ত্ৰণত ৰাখিব লাগিব । আপোনাক শাৰীৰিক আৰু মানসিকভাৱে সক্ৰিয় কৰি ৰখাৰ বাবে এই সকলোবোৰ গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক : সংবেদনশীল একত্ৰীকৰণ আৰু অ’টিজ্‌ম

Last Updated : Oct 19, 2021, 9:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.