নতুন দিল্লী, 29 জুন : গৰ্ভাৱস্থাত আৰু শৈশৱ কালত ধূমপান কৰিলে,ইয়াৰ পৰা নিৰ্গত ধুৱাই দূষিত পৰিৱেশৰ লগত মিলিত হৈ শিশুটোৰ অত্যাধিক ওজন বৃদ্ধি কৰিব পৰা পৰিৱেশৰ সৃষ্টি কৰে ৷ শেহতীয়াকৈ এক গৱেষণাত প্ৰকাশ পাইছে এই কথা ৷
গৱেষণাত শিশুটোৰ অতিৰিক্ত ওজন বৃদ্ধি আৰু শকত হোৱাৰ কাৰণ নিৰ্ধাৰণৰ বাবে স্থূলত্বৰ স্থিতি,বডী মাছ ইনডেক্স (বিএমআই), কঁকালৰ পৰিধি,ছালৰ ঘনত্ব আৰু শৰীৰৰ চৰ্বি ব্যৱহাৰ কৰা হৈছিল । গৰ্ভাৱস্থাত মাতৃ আৰু শিশুটোৰ ৰক্ত আৰু মূত্ৰৰ নমুনাও ইয়াৰ বাবে সংগ্ৰহ কৰা হৈছিল ৷
এই গৱেষণাত বায়ু প্ৰদূষণ,সেউজীয়া পৰিৱেশ,ধূমপান,পৰিৱেশ নিৰ্মানণ কৰাৰ লগতে ৰাসায়নিক প্ৰদূষণকাৰী পদাৰ্থসহ (জৈৱ প্ৰদূষণ, গধুৰ ধাতু, ফেনাইল আৰু কীটনাশক) 77 গৰাকী গর্ভৱতী মহিলা আৰু 9 টা শিশুৰ মূল্যায়ন কৰা হয় । গৱেষণাত গৰ্ভাৱস্থাত আৰু শৈশৱ কালত ধূমপান কৰিলে, ইয়াৰ পৰা নিৰ্গত ধুৱাই বায়ুমণ্ডলৰ লগত লাগি শিশুটোৰ অত্যাধিক ওজন বৃদ্ধিৰ পৰিৱেশৰ সৃষ্টি কৰে বুলি প্ৰমাণিত হয় ৷
লগতে পঢ়ক : বিশ্বত এক কোটি অতিক্ৰম ক'ৰণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা