ETV Bharat / lifestyle

1 জানুৱাৰীৰ পৰা বহুকেইটা মডেলৰ ফোনত বন্ধ হ’ব হোৱাটচ এপ সেৱা - এণ্ডৰইড

আগন্তুক কেইটামান দিনৰ ভিতৰতে iPhone 4 পৰ্যন্ত সকলো iPhoneৰ মডেলে হোৱাটচ এপৰ চাপোৰ্ট হেৰুৱাব ৷ ইয়াৰ ভিতৰত আছে iPhone 4S, iPhone 5, iPhone 5S, iPhone 6, iPhone 6S ৷ আনহাতে, এণ্ডৰইড ফোনসমূহৰ ভিতৰত HTC ডিজায়াৰ, মট’ৰ’লা ড্ৰইড ৰেজাৰ, এল.জি. অপ্টিমাছ ব্লেক, চেমছাং গেলেক্সী এছ 2 ৷

WhatsApp to stop working on these phones from Jan 1
1 জানুৱাৰীৰ পৰা এইকেইটা ফোনত বন্ধ হ’ব হোৱাটচ এপ সেৱা
author img

By

Published : Dec 30, 2020, 6:58 PM IST

নিউজ ডেস্ক,30 ডিচেম্বৰ: 2021 বৰ্ষৰ পৰা কেইবাটাও এণ্ডৰইড আৰু iOS ফোনত উপলব্ধ নহ’ব হোৱাটচ এপ সেৱা ৷ আগন্তুক বৰ্ষৰ পৰা হোৱাটচ এপে OSৰ পুৰণি সংস্কৰণৰ পৰা নিজৰ সমৰ্থন উঠাই ল’ব ৷ হোৱাটচ এপৰ FAQ বিভাগত থকা তথ্য অনুসৰি 2021 বৰ্ষৰ পৰা এণ্ডৰইড 4.0.3 অপাৰেটিং চিষ্টেম আৰু তাতকৈ নতুন ব্যৱস্থা থকা ফোনসমূহৰ লগতে iOS 9 থকা iPhone সমূহ আৰু তাতকৈ নতুন চিষ্টেম থকা ফোনতহে হোৱাটচ এপ উপলদ্ধ হ’ব ৷

আগন্তুক কেইটামান দিনৰ ভিতৰতে iPhone 4 পৰ্যন্ত সকলো iPhoneৰ মডেলে হোৱাটচ এপৰ চাপোৰ্ট হেৰুৱাব ৷ ইয়াৰ ভিতৰত আছে iPhone 4S, iPhone 5, iPhone 5S, iPhone 6, iPhone 6S ৷ আনহাতে, এণ্ডৰইড ফোনসমূহৰ ভিতৰত HTC ডিজায়াৰ, মট’ৰ’লা ড্ৰইড ৰেজাৰ, এল.জি. অপ্টিমাছ ব্লেক, চেমছাং গেলেক্সী এছ 2 ৷

আপুনি কোনকেইটা OS আৰু iPhone চলাই আছে তাৰ বিষয়ে জানিবলৈ মেন্যুৰ ছেটিঙলৈ যাওক ৷ তাৰ পৰা জেনেৰেল আৰু তথ্য বা ছফ্টৱেৰ বিকল্পলৈ গ’লেই ব্যৱহাৰকাৰীয়ে গম পাপ সেই নিৰ্দিষ্ট iPhone টোত কোনটো OS আছে ৷

আনহাতে, এণ্ডৰাইড ব্যৱহাৰকাৰী সকলে ছেটিংছলৈ গৈ, এবাউট ফোনলৈ গ’লে আপুনি জানিব পাৰিব কোনটো এণ্ডৰইড সংস্কৰণ আপুনি ব্যৱহাৰ কৰিছে ৷

লগতে পঢ়ক-ট্ৰাম্প প্ৰশাসনৰ ভেকচিনেচন প্ৰক্ৰিয়া কাৰ্যসূচীতকৈ বহু পিছ পৰি আছেঃ জ’ বাইডেন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.