ইন্টাৰনেশ্যনেলডেস্ক,4 নৱেম্বৰ: ফেচবুক মালিকানাধীন বাৰ্তা বাহক এপ্লিকেচন হোৱাটচ্এপৰ নতুন সংশোধন ৷ ব্যৱহাৰকাৰীৰ সহায় হোৱাকৈ সংযোজন কৰিছে অতিৰিক্ত কিছুমান সুবিধা ৷ ব্যৱহাৰকাৰীৰ পৰিচয়,সমীক্ষা,পৰ্যালোচনাৰ বাবে নতুনকৈ ডিজাইন কৰিছে ষ্টোৰেজ মেনেজমেন্ট ৷ ডাঙৰ ফাইল আৰু মিডিয়া দুয়োটাকে বাকেটিংৰ যোগেদি সহজভাৱে ক্লিন-আপ কৰিব পৰা যাব ৷ আকাৰ অনুসৰি ফাইল সমূহ আতৰোৱাৰ আগতে আকৌ এবাৰ প্ৰদৰ্শন কৰাৰ নতুন সুবিধা সংযোজন কৰা হৈছে ৷ নতুন আপডেট ব্যৱহাৰকাৰী সকলৰ বাবে পূৰ্বৰ ফাইল আৰু মিডিয়াসমূহ আতৰোৱাৰ আগতে আকৌ এবাৰ প্ৰদৰ্শন কৰাৰ নতুন সুবিধা প্ৰদান কৰিব ৷ হোৱাটচ্এপৰ নতুন সংশোধন এইটো সপ্তাহতে পৃথিৱীৰ সকলো ব্যৱহাৰকাৰীৰ সুবিধা হোৱাকৈ মুকলি কৰা হ'ব ৷ উপলব্ধ হোৱাৰ পাছতে ব্যৱহাৰকাৰী সকলে ষ্টোৰেজ আৰু ডাটা অনুসৰি চেটিংচ্ সলনি কৰিব পাৰিব ৷
লগতে পঢ়ক: বি. এছ. নাৰ্ছিঙত আসন দিয়াৰ নামত বিজেপি কৰ্মীয়ে ধন লোৱাৰ ভিডিঅ' ভাইৰেল