ETV Bharat / lifestyle

সামাজিক মাধ্যম হোৱাটছ এপে সংশোধন কৰিলে গোপনীয়তাৰ নীতি - ইনষ্টাগ্ৰাম

জনপ্ৰিয় সামাজিক মাধ্যম হোৱাটছ এপে ইয়াৰ চৰ্তাৱলী আৰু গোপনীয়তাৰ নীতি সংশোধন কৰিছে ৷ ইয়ে কি বুজায় ? ইয়াৰ দ্বাৰা আমাৰ তথ্যসমূহ সুৰক্ষিত থাকিবনে ? সকলোৰে উৰ্ধত হোৱাটছ এপে কৈছে End to End Encryptionৰ কথা ৷ আমাৰ সকলো কথাবাৰ্তা আৰু ফটোসমূহ সুৰক্ষিত থাকিবনে ? এই সকলোবোৰ বিশ্লেষণ কৰিছে ভাৰতৰ চাইবাৰ সুৰক্ষা সংস্থাৰ মহানিৰ্দেশক তথা চাইবাৰ সুৰক্ষা বিশেষজ্ঞ কৰ্ণেল ইন্দ্ৰজিৎ সিঙে ৷

সামাজিক মাধ্যম হোৱাটছ এপে সংশোধন কৰিলে গোপনীয়তাৰ নীতি

author img

By

Published : Jan 6, 2021, 3:44 PM IST

নিউজ ডেস্ক, 6 জানুৱাৰী : বুধবাৰে (6 জানুৱাৰী) ৰাতিপুৱা হোৱাটছ এপ পৰীক্ষা কৰোতে সকলোৰে মোবাইলত এটা পপ-আপ নিৰ্দেশনা আহিছিল আৰু তাত হোৱাটছ এপে ইয়াৰ গোপনীয়তাৰ নীতি সন্দৰ্ভত সংশোধনৰ কথা উল্লেখ কৰিছিল ৷

হোৱাটছ এপৰ এই আপডেটৰ মুখ্য নীতিসমূহ হৈছে :-

  • হোৱাটছএ এপ ছাৰ্ভিচ আৰু তথ্যসমূহ কিদৰে সংশোধন কৰা হ’ব ৷
  • ব্যৱসায়সমূহে কিদৰে ফেচবুকৰ সেৱাসমূহ সংৰক্ষণ কৰিব আৰু তেওঁলোকৰ হোৱাটছ এপ বাৰ্তাসমূহ ব্যৱহাৰ কৰিব ৷
  • হোৱাটছ এপে ফেচবুকৰ সৈতে একেলগে তেওঁলোকৰ প্ৰডাক্টসমূহ একেলগে কিদৰে সংহত কৰিব ৷
  • এইসকলো সংশোধন 8 ফেব্ৰুৱাৰীৰ পৰা প্ৰযোজ্য হ’ব ৷
  • যেতিয়াই এই পপ-আপ নিৰ্দেশনা মানি ল’ব তেতিয়াই ব্যৱহাৰকাৰীৰ বাবে এইসমূহ সংশোধন অহা 8 ফেব্ৰুৱাৰীৰ পৰা প্ৰযোজ্য হ’ব ৷
  • তাৰ পৰৱৰ্তী সময়ৰ পৰাই ব্যৱহাৰীকাৰীয়ে এই সংশোধনসমূহ মানি ল’ব লাগিব ৷
    হোৱাটছ এপৰ নতুন আপডেট
    হোৱাটছ এপৰ নতুন আপডেট

ভাৰতৰ চাইবাৰ সুৰক্ষা সংস্থাৰ মহানিৰ্দেশক তথা চাইবাৰ সুৰক্ষা বিশেষজ্ঞ কৰ্ণেল ইন্দ্ৰজিৎ সিঙৰ মতে এই সংশোধনে আপোনাক ব্যৱহাৰকাৰীৰ পৰিৱৰ্তে হোৱাটছএপৰ এটা সম্পদ হিচাপে ধৰি ল’ব ৷ ইয়াৰ অৰ্থ এইটোৱেই হৈছে যে, ব্যৱহাৰকাৰীয়ে হোৱাটছএপত যিয়ে শ্বেয়াৰ কৰিব সেয়া আৰু গোপনীয় হৈ নাথাকে ৷ যদিও হোৱাটছ এপে "end to end encryption"ৰ কথা কৈছে তথাপিও হোৱাটছ এপত আপোনাৰ তথ্যসমূহ আৰু আগৰদৰে সুৰক্ষিত হৈ নাথাকিব ৷

কৰ্ণেল ইন্দ্ৰজিৎ সিঙে কয় যে, এয়া মাত্ৰ কিছু সময়ৰ কথা, যেতিয়াই আমি হোৱাটছএপৰ পৰা ফেচবুকলৈ যাওঁ, সেই ফেচবুক যিয়ে, আপোনাৰ সকলো ব্যক্তিগত তথ্য ইয়াৰ ব্যৱসায়ৰ বাবে চুৰি কৰি আহিছে ৷ হোৱাটছ এপে এতিয়াৰে পৰা আপোনাৰ তথ্য ইনষ্টাগ্ৰাম আৰু ফেচবুকলৈ লৈ যাব আৰু এতিয়াৰে পৰাই ফেচবুকে আপোনাক আগতকৈয়ো অধিক পৰিমানে নিৰীক্ষণত ৰাখিব ৷ এতিয়াৰে পৰাই সামাজিক মাধ্যমৰ গোপনীয়তা আৰু কোনো গোপনীয় হৈ নাথাকে ৷

লগতে পঢ়ক : দেশৰ প্ৰথমটো ২৪X৭ মোৱাইল নিউজ এপ 'ইটিভি ভাৰত' আপোনাৰ মাজত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.